গুৱাহাটীঃ ৰাজ্যত প্ৰতিদিনে বাঢ়িছে কৰোণাত আক্ৰান্তৰ। কালিৰ দিনটোতে দুইশতাধিকৰ ওচৰ পালেগৈ আক্ৰান্তৰ সংখ্যা।

বৃহস্পতিবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ হেঙেৰাবাৰীৰ মুখ্য কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি এই ক্ষেত্ৰত আতংকিত নহ’বলৈ ৰাইজক আহ্বান জনায়।

সান্ধ্য আইনো জাৰি কৰা নহয় বুলি ঘোষণা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমবাসীক কৰোণাৰ লক্ষণ দেখিলে শীৰ্ঘ্ৰেই পৰীক্ষা কৰিবলৈ আহ্বান জনাই মন্ত্ৰী গৰাকীয়ে।

ভোটগ্ৰহণৰ পিছত প্ৰথমখন সংবাদমেল সংম্বোধন বিজেপি শীৰ্ষ নেতৃত্বৰ।

আৰু পঢ়কঃ একেৰাহে দ্বিতীয় দিনৰ বাবে দেশত ২৪ ঘন্টাত ক’ভিডত আক্ৰান্ত হ’ল লাখতকৈও অধিক

সংবাদমেলখনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস।

অসমত কৰোণাৰ ২য় ঢৌ আৰম্ভ হৈছে বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে।

কৰোণাৰ কিবা লক্ষণ দেখিলেই টেষ্ট কৰিবলৈ আহ্বান বিত্ত মন্ত্ৰীগৰাকীৰ।

শুকুৰবাৰে ১৮ হাজাৰ আৰু আজিৰ দিনটোত ৩৫ হাজাৰ টেষ্ট কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

আৰু পঢ়কঃ ৰাজ্যত এটা দিনতেই দুই শতাধিকৰ ওচৰ পালেগৈ কৰোণাত আক্ৰান্তৰ সংখ্যা

লগতে নিৰ্বাচন সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ”আমি লেটাৰ নহ’লে ডিষ্টিংছন পাই চৰকাৰ গঠন কৰিম। মিত্ৰজোঁটক হিয়াভৰা আশীৰ্বাদ দিয়া বাবে কৃতজ্ঞ ৰাইজৰ ওচৰত। অভিলেখ গঢ়ি মিত্ৰজোঁট শাসনলৈ ঘূৰি আহিব।”

আনহাতে বিহু উদযাপন সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে যে বিহু ভালদৰেই পালন কৰা হ’ব।

পিছে এই ক্ষেত্ৰত এখন এছ অ’ পি উলিওৱা হ’ব বুলিও বিত্তমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply