গুৱাহাটী : বিধায়িনী দলৰ বৈঠক আৰম্ভ হোৱাৰ পূৰ্বেই সৰ্বানন্দ সোণোৱালৰ খাৰঘুলিস্থিত চৰকাৰী বাসগৃহলৈ হিমন্ত বিশ্ব শৰ্মা। সৰ্বানন্দ সোনোৱালৰ বাসগৃহত হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেইবাজনো কেন্দ্ৰীয় নেতা উপস্থিত। মন্ত্ৰী নৱ দ’লেও উপস্থিত আছে সৰ্বানন্দ সোণোৱালৰ বাসগৃহত।

আজি ১২ বজাত অনুষ্ঠিত হ’ব বিজেপিৰ বিধায়িনী দলৰ বৈঠক। এই বৈঠকতে হিমন্ত বিশ্ব শৰ্মাৰ নাম অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰা হ’ব। ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মা অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যদিও আছে মাত্ৰ আনুষ্ঠানিক ঘোষণাহে।

ইফালে বিজেপিৰ বিধায়িনী দলৰ বৈঠক কিছু সময় পূৰ্বে সৰ্বানন্দ সোণোৱালৰ চৰকাৰী বাসগৃহত উপস্থিত হৈছে হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপিৰ কেইবাগৰাকী কেন্দ্ৰীয় নেতা। সৰ্বানন্দ সোণোৱালৰ বাসগৃহত উপস্থিত হোৱা দলটোৰ আছে বিজেপিৰ সাংগঠনিক সম্পাদক কেন্দ্ৰীয় নেতা বি এল সন্তোষ।

উল্লেখ্য যে নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিছৰে পৰা বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত মুখ্যমন্ত্ৰী পদক কেন্দ্ৰ কৰি সংকটত পৰিছিল বিজেপি নেতৃত্ব। দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নাড্ডা, অমিত শ্বাহ আদিৰে আলোচনাত মিলিত হৈ বিষয়টো নিষ্পত্তি কৰে যদিও কেন্দ্ৰীয় নেতৃত্বই এই দায়িত্ব বিধায়িনী দলৰ সভাপাতি ঘোষণা কৰাৰ সিদ্ধান্ত লয়।

আজি কেন্দ্ৰীয় নেতৃত্বৰ আহ্বান মৰ্মে দুপৰীয়া ১২ বজাত অসম সচিবালয়ত হ’বলগীয়া বৈঠকতে পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰা হ’ব। অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাৰ নাম ঘোষণা কৰাৰ লগতে সৰ্বানন্দ সোণোৱালক দিল্লীলৈ নিয়াৰ কথা জানিবলৈ পৰা গৈছে। এতিয়া বিধায়নী দলৰ বৈঠকৰ পিছতে সকলো স্পষ্ট হৈ উঠিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply