নিউজ ডেস্ক: কোভিড পৰিস্থিতি পৰ্যবেক্ষনৰ বাবে অসম বংগ সীমান্তত উপস্থিত হৈ অখিল গগৈ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য, ”প্ৰতিটো ক্ৰিয়াৰে বিপৰীত প্ৰতিক্ৰিয়া থাকে। মুখ্যমন্ত্ৰীয়ে সদনত যি ক’ব সেয়া তথ্যৰ ওপৰত ভিত্তি কৰি ক’ব অসত্য ওপৰত নহয় ।”

আনহাতে, শিৱসাগৰত কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিৰ নেতাক আটক কৰা সন্দৰ্ভত তেওঁ কয় যে, মই পুৱাই এই সন্দৰ্ভত ডিজিপিক ফোন কৰি কৈছো যে তেওঁলোকক আটক কৰাৰ কোনো প্ৰয়োজন নাই। গণতন্ত্ৰত কোনোবাই প্ৰতিবাদ কৰিলে তাত আৰক্ষী সোমাব নালাগে। কোনোবাই প্ৰতিবাদ কৰিলে আমি ৰাজনৈতিকভাৱে প্ৰতিবাদ কৰিম।

আৰু পঢ়কঃযোৰহাটৰ বজাৰত ধোৱাচাঙত কোভিড প্ৰটকল

ইফালে বিধানসভাত মুখ্যমন্ত্ৰীৰ মন্তব্য সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই এক বিবৃত্তিযোগে উল্লেখ কৰি কয় যে বিধানসভাত অনুপস্থিত এজন বিৰোধী নেতাৰ মানসিক স্বাস্থ্যৰ অৱস্থা সম্পৰ্কে এনে তৰল মন্তব্য কৰাটো ৰাজ্যৰ সৰ্বোচ্চ পদত অধিষ্ঠিত ব্যক্তি এজনৰ বাবে অত্যন্ত অশোভনীয়।

মুখ্যমন্ত্রীৰ মন্তব্যক অসংসদীয় আৰু দুৰ্ভাগ্যজনক বুলি অভিহিত কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply