ড০ হিমন্ত বিশ্ব শৰ্মাই আজি অসমৰ ১৫তম মুখ্য মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে।
শংকৰদেব কলাক্ষেত্ৰত অনুষ্ঠিত শপতগ্ৰহণ অনুষ্ঠানত ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে হিমন্ত বিশ্ব শৰ্মাক মুখ্য মন্ত্ৰী হিচাপে শপত বাক্য পাঠ কৰেৱায়।
আজি ৰাজ্যৰ কেবিনেট মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰাসকলক হৈছে
ৰাজ্যিক বিজেপিৰ সভাপতি, পাটাছাৰকুচিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাস।
অগপৰ সভাপতি, বোকাখাতৰ বিধায়ক মন্ত্ৰী অতুল বৰা।
ইউ পি পি এল দলৰ উৰ্খাও গৌড়া ব্ৰহ্ম।
বৰাকৰ একমাত্ৰ প্ৰতিনিধি হিচাপে পৰিমল শুক্লবদ্য।
ধৰ্মপুৰ সমষ্টিৰ বিধায়ক চন্দ্ৰ মোহন পাটোৱাৰী।
অগপৰ কাৰ্যবাহী সভাপতি তথা কলিয়াবৰৰ বিধায়ক কেশৱ মহন্ত।
ধেমাজিৰ বিধায়ক ডাঃ ৰণোজ পেগু।
তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিষাণ।
মাহমহাৰ বিধায়ক যোগেন মহন।
গোলাগাট সমষ্টিৰ বিধায়ক অজন্তা নেওগ।
ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক অশোক সিংঘাল।
জাগিৰোড সমষ্টিৰ বিধায়ক পিযুষ হাজৰিকা।
টিংখাং সমষ্টিৰ বিধায়ক বিমল বৰা।
লগতে পঢ়ক : শুৱালকুছিৰ শ্ৰীশ্ৰী ঈশ্বৰ হাটী সত্ৰত হিমন্ত বিশ্ব শৰ্মাক ৰাজ্য চলাবলৈ দিলে ভাৰ-ভেটী
শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থকাসকলৰ ভিতৰত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, ড’নাৰ মন্ত্ৰী জিতেন্দ্ৰ সিং, উত্তৰ-পূবৰ ৪ ৰাজ্যৰ মুখ্য মন্ত্ৰীসকল।