মুখ্যমন্ত্ৰী হিচাবে দায়িত্ব লোৱাৰ পিছত প্ৰথমবাৰৰ বাবে মাজুলীত উপস্থিত হৈছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা।
৩খন সত্ৰত উপস্থিত হৈ আশীষ ল’লে মুখ্যমন্ত্ৰীগৰাকীয়ে।
ইয়াৰ পিছতে কোৰোনাকেন্দ্ৰিক পৰিস্থিতিক লৈ জিলা প্ৰশাসনৰ বিষয়া বৰ্গৰ সৈতে বৈঠকত মিলিত হব মুখ্যমন্ত্ৰীগৰাকী।
দলীয় কাৰ্যকতাৰ সৈতেও বৈঠকত বহিব তেওঁ।

উল্লেখ্য যে, মাজুলীত বৰ্তমান সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা হৈছে ৮৬গৰাকী। বিগত ২৪ ঘন্টাত ৫৬৪জন লোকৰ ক’ভিড পৰীক্ষাৰ অন্তত ১০জনৰ দেহত ধৰা পৰে ক’ভিডৰ সংক্ৰমণ।

ইফালে, ক’ভিড পৰিস্থিতিৰ নিৰন্তৰ নিৰীক্ষণ আৰু জিলা প্ৰশাসনক প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰি ৰাজ্যত ক’ভিড সংক্ৰমণৰ হাৰ হ্ৰাস কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ মন্ত্ৰীসভাৰ মন্ত্ৰীসকলক বিভিন্ন জিলাৰ দায়িত্ব প্ৰদান কৰে।

মঙলবাৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত প্ৰথমখন কেবিনেট বৈঠকত এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হয়।

লগতে পঢ়ক কভিডত আক্ৰান্ত হৈ বোকাখাতত স্বাস্থ্যকৰ্মীৰ মৃত্যু

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 4,862 other subscribers

Leave a comment

Leave a Reply