গুৱাহাটীঃ চত্তীশগড়ত মাওবাদীৰ আক্ৰমণত প্ৰাণ আহুতি দিয়া ভৱানীপুৰ সমষ্টিৰ সৰুপেটাৰ শ্বহীদ দিলীপ কুমাৰ দাস আৰু দুধনৈৰ বাবলু ৰাভাৰ বাসগৃহত শনিবাৰে উপস্থিত হয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
সৰুপেটাৰ দিলীপ কুমাৰ দাসৰ পৰিয়ালৰ সদস্যসকলক সাক্ষ্যাৎ কৰিবলৈ প্ৰভাৱশালী মন্ত্ৰীগৰাকীৰ সৈতে সাংসদ পল্লৱ লোচন দাস আৰু বিজেপিৰ উপ সভাপতি পুলক গোহাঁইয়ো উপস্থিত হয়৷
আৰু পঢ়কঃ বঙাইগাঁৱত বৃহৎপৰিমাণৰ গাঞ্জা জব্দ
আনফালে দুধনৈৰ দামৰাৰ বীৰ ছহিদ বাবলু ৰাভাৰ ঘৰত উপস্থিত হৈ শ্বহীদগৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লগতে শ্বহীদ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মন্ত্ৰীগৰাকীয়ে বীৰ শ্বহীদ বাবলু ৰাভাৰ পত্নী লিপিকা ৰাভা আৰু সাত বছৰীয়া কণমাণি সন্তানৰ সৈতে মত বিনিময় কৰে। ইপিনে দামৰা-পাটপাৰা ৰাভা সমাজে শ্বহীদ বাবলু ৰাভাৰ পৰিয়ালত যিকোনো এজন সদস্যক চৰকাৰী চাকৰি প্ৰদান, শ্বহীদগৰাকীৰ পবিত্ৰ স্মৃতিত দামৰা পাটপাৰা গাঁৱত শ্বহীদ ভৱন নিৰ্মাণ আৰু দামৰাৰ ৬২ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা বীৰ শ্বহীদ বাবলু ৰাভাৰ বাসগৃহলৈ ৮০০ মিটাৰ দূৰত্বৰ পকীপথ নিৰ্মাণ কৰাৰ লগতে পথছোৱা শ্বহীদ বাবলু ৰাভাৰ নামাকৰণ কৰিবলৈ অনুৰোধ জনায়।
আৰু পঢ়কঃ বিহালীত অসম গোর্খা সন্মিলনৰ নৱম ত্রিবার্ষিক অধিৱেশন