গুৱাহাটী : শপত গ্ৰহনৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মাই আজি পুৱা শুৱালকুছিৰ শ্ৰীশ্ৰী ঈশ্বৰ হাটী সত্ৰ দৰ্শণ কৰি সেৱা আগবঢ়াই৷ সত্ৰৰ ভক্তসকলে মুখ্যমন্ত্ৰী হিচাবে নিৰ্বাচিত হোৱা হিমন্ত বিশ্ব শৰ্মাক আশীষ দিয়ে। সত্ৰৰ ফালৰ পৰা নিৰ্বাচিত মুখ্যমন্ত্ৰী গৰাকীক অতীতৰ পৰম্পৰা অনুসৰি ৰাজ্য চলাবলৈ ভাৰ-ভেটী আগবঢ়াই।
অতীতত ৰজাক শাসন চলাবলৈ ভাৰ ভেতি দি সাহাৰ্য কৰাৰ পৰম্পৰা ৰক্ষা কৰি শুৱালকুছিৰ শ্ৰীশ্ৰী ঈশ্বৰ হাটী সত্ৰৰ ফালৰ পৰাও নতুন ৰাজ্যৰ মুৰব্বী গৰাকীক প্ৰতীকি ৰূপত ভাৰ-ভেটী আগবঢ়াই।
আৰু পঢ়ক http://মুখ্য মন্ত্ৰীৰূপে দায়িত্ব লৈ প্ৰথমখন সংবাদমেলত কি ক’লে ড০ হিমন্ত বিশ্ব শৰ্মাই?
ইয়াৰ পিছতেই হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয়হি উত্তৰ গুৱাহাটীৰ দৌল গোবিন্দ মন্দিৰত। তাতো আশীষ লয় নিৰ্বাচিত মুখ্যমন্ত্ৰী গৰাকীয়ে। তৃতীয়তে কামাখ্যা মন্দিৰত উপস্থিত হৈ পৰমেশ্বৰে ৰাজ্যখনৰ সকলোকে সুস্বাস্থ্য, শান্তি তথা সমৃদ্ধি প্ৰদান কৰাৰ লগতে ৰাজ্যখনৰ সৰ্বাঙ্গীন কল্যাণৰ হেতু কৃপাদৃষ্টি প্ৰদান কৰাৰ বাবে আশীষ লয়৷