নিউজ ডেস্কঃ দিল্লীৰ উপমুখ্যমন্ত্ৰী মণীষ চিছ’দিয়া আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাজৰ যুঁজখন ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে। শেহতীয়াকৈ, দিল্লীৰ উপমুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াই এখন সংবাদমেলত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে ক’ভিডকালীন সময়ত পিপিই কিট ক্ৰয় কেলেংকাৰীত জড়িত থকা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল। ইয়াৰ পিছতেই মঙলবাৰে দিল্লীৰ উপমুখ্যমন্ত্ৰী মণীষ চিছ’দিয়াৰ বিৰুদ্ধে জিলা অসামৰিক দণ্ডাধীশৰ আদালত,কামৰূপ মহানগৰ ১০০কোটি টকাৰ মানহানিৰ গোচৰ তৰিলে ৰিণিকি ভূঞা শৰ্মাই।

মনীষ চিছ’দিয়াই অভিযোগ কৰিছিল যে অসম চৰকাৰে ৬০০ টকাত আন কোম্পানীৰ পৰা পিপিই কিট ক্ৰয় কৰিছিল। হিমন্ত বিশ্ব শৰ্মাই ক’ভিড-১৯ৰ জৰুৰীকালীন সময়ৰ সুবিধা লৈ তেওঁৰ পত্নী আৰু পুত্ৰৰ অংশীদাৰী কোম্পানীক এটা পিপিই কিট ৯৯০ টকাত যোগান ধৰাৰ নিৰ্দেশ দিছিল।

এখন সংবাদমেলত এই অভিযোগ উত্থাপন কৰাৰ পিছত, হিমন্ত বিশ্ব শৰ্মা আৰু মনীষ চিছ’দিয়াৰ মাজত বাকযুদ্ধও আৰম্ভ হৈছিল। মনীষ চিছ’দিয়াৰ অভিযোগৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে কেৱল আধা কাগজ-পত্ৰ প্ৰদৰ্শন নকৰিব, যদি আপোনাৰ সাহস থাকে, সম্পূৰ্ণ তথ্য দিয়ক। অসম চৰকাৰেও পিপিই কিট ক্ৰয়ত কেলেংকাৰীৰ অভিযোগ অস্বীকাৰ কৰিছিল। 

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মনীষ চিছ’দিয়াৰ অভিযোগ নস্যাৎ কৰি কয় যে যি সময়ত সমগ্ৰ দেশে ১০০ বছৰতকৈও অধিক সময়ৰ ভিতৰত আটাইতকৈ বেয়া মহামাৰীৰ সন্মুখীন হৈছিল, সেই সময়ত অসমত কোনো পিপিই কিট নাছিল। মোৰ পত্নীয়ে আগবাঢ়ি আহিবলৈ সাহস কৰিছিল আৰু তেওঁ ৰাইজৰ জীৱন বচাবলৈ প্ৰায় ১৫০০ পিপিই কিট বিনামূলীয়াকৈ চৰকাৰক দান কৰিছিল। তেওঁ ইয়াৰ বাবে এক পইচাও তেওঁ লোৱা নাছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply