নিউজ ডেস্কঃ মহাৰাষ্ট্ৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেলৈ ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্ৰ প্ৰেৰণ।
মহাৰাষ্ট্ৰৰ বিধানসভাৰ অধিৱেশনত মিত্ৰদলৰ বিধায়কে অসমবাসীৰ সন্দৰ্ভত আগবঢ়াইছিল তুচ্ছ মন্তব্য।
বিধায়ক বাচ্ছু কাডুয়ে অসমীয়া মানুহে কুকুৰ মাংস খাই বুলি মন্তব্য কৰিছিল। তাৰ পিছতেই অসমত এই বিষয়ে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হয়।
অসম বিধানসভাতো ৰাজ্যপাল গোলপ চান্দ কাটাৰিয়াৰ প্ৰথম অভিভাষণতো বিৰোধী বিধায়কে বাচ্ছু কাডুয়ে কৰা মন্তব্যক লৈ উত্তাল পৰিৱেশ সৃষ্টি কৰি তুলিছিল।
বাচ্ছু কাড়ুয়ে কৰা মন্তব্যক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে লৈ বিধায়ক জনৰ বিৰুদ্ধে অভিযোগ পত্ৰ লিখে।
হিমন্ত বিশ্ব শৰ্মাই লিখে যে, “অসমৰ জনসাধাৰণৰ লগতে আমাৰ ৰাজ্যৰ সংস্কৃতিসম্পৰ্কে তেওঁৰ কুসংস্কাৰ আৰু অজ্ঞতা উন্মোচিত কৰা ওপৰোক্ত বিধায়কজনৰ মন্তব্যৰ দ্বাৰা মই অত্যন্ত হতাশ আৰু উত্তেজিত হৈ পৰিছো। মই নিশ্চিত যে আপুনি এই ক্ষেত্ৰত অসমৰ জনসাধাৰণৰ অনুভূতিৰ প্ৰতি সম্পূৰ্ণ সহানুভূতি শীল হ’ব”।
পত্ৰ জৰিয়তে বিধায়ক বাচ্ছু কাড়ু অসমীয়া মানুহে কুকুৰ মাংস খোৱা বাক্য উঠাই ল’বলৈ হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনাই।
লগতে পঢ়ক – বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ ছেমী ফাইনেলত প্ৰৱেশ অসম কন্যা লাভলীনা