কামাখ্যাত মুখ্যমন্ত্ৰী

অহা এবছৰলৈ ৰাজ্যৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ নহয় , এই মন্তব্য কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
কামাখ্যাত আয়োজিত এটা কাৰ্যসূচীত অংশ লৈ মুখ্যমন্ত্ৰীৰ এই কথা প্ৰকাশ কৰে । মুখ্যমন্ত্ৰীয়ে লগতে কয়, নতুন টীম এটাই কামত নামিছে তেওলোকে কামকাজ চলাই আছে ।

নতুনকৈ দায়িত্ব দিয়া নিগম নিকায় সমূহৰ অধ্যক্ষ উপাধ্যক্ষ সমূহৰ সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে কয়, ‘নিগম-নিকায়ৰ ব্যাপক সাল-সলনি কৰা হৈছে,বহুজনক নতুন দায়িত্ব অৰ্পণ কৰা হৈছে । দলীয় মঞ্চত কৰা আলোচনাৰ মাজেৰে তেওলোকক দায়িত্ব দিয়া হৈছে । নতুন দায়িত্ব লাভ কৰা সকলে নিয়াৰিকৈ দায়িত্ব পালন কৰক’।

মুখ্যমন্ত্ৰীয়ে লগতে কয়, এই নিগম নিকায় সমূহে লাভৰ মুখ দেখিব লাগিব আগৰ দৰে লোকচানত চলিলে নহ’ব ।
অহা ডিচেম্বৰ মাহত তেওলোকৰ সৈতে আলোচনাত বহি কেনেদৰে আগবাঢ়িব লাগিব সেই সম্পৰ্কে পৰিকল্পনাত বহিব বুলি জনাই মুখ্যমন্ত্ৰীয়ে ।

লগতে পঢ়ক- ৰাজকন্যা গোচৰৰ চাৰ্জশ্বিট দাখিল; নাম নাই তাজ ভিভান্তা, পংকজ সাধনিদাৰৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply