গুৱাহাটীঃমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা হ্ৰাস কৰাৰ পিছতেই পুনৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে সাজু হৈছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

নিৰ্বাচন আয়োগৰ ওচৰত নিঃচৰ্ত ভাবে ক্ষমা বিচৰাৰ বাবে মন্ত্ৰীগৰাকীৰ ওপৰত আৰোপ কৰা ৪৮ ঘণ্টীয়া নিষেধাজ্ঞা ২৪ ঘণ্টালৈ হ্ৰাস কৰিছে আয়োগে।

মন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মাৰ ক্ষমা আবেদনৰ ভিত্তিত নিৰ্বাচন আয়োগে পূৰ্বে বান্ধি দিয়া ৪৮ ঘণ্টাৰ পৰিৱৰ্তে ২৪ ঘণ্টালৈ হ্ৰাস কৰিলে নিৰ্বাচনী প্ৰচাৰৰ নিষেধাজ্ঞা।

আজি সন্ধ্যা ৫.৩০ বজাত অন্ত পৰিব নিষেধাজ্ঞাৰ সময়সীমা আৰু ৬ বজাত মন্ত্ৰীগৰাকীয়ে অংশ ল’ব এক বিশাল নিৰ্বাচনী ৰেলীত।

সোনাৰাম খেলপথাৰৰ পৰা অগপৰ প্ৰাৰ্থী ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব ডঃ হিমন্ত বিশ্ব শৰ্মাই। লাল গণেশলৈ এই ৰেলীত ভাগ ল’ব ষ্টাৰ কেম্পেইনাৰজনে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,022 other subscribers

Leave a comment

Leave a Reply