বাণী বৰা,গোলাঘাটঃ গোলাঘাটৰ সাংস্কৃতিক, সামাজিক ক্ষেত্রখনক নিঃস্ব কৰি সকলোকে কন্দুৱাই হাড়ে-হিমজুৱে শিল্পী হিমেন দাস আজি গুচি গ’ল অজান মুলুকলৈ । গোলাঘাটবাসীৰ বাবে তেওঁ এজন ব্যক্তি নহয়,এটা অনুষ্ঠানলৈ ৰূপান্তৰ হৈছিল হিমেন দাস । বিভিন্ন ধৰণৰ বাদ্যৰ নিপুণ বাদক হিমেন দাসৰ কলাই ৰাজ্যৰ চুকে কোণে সমাদৃত । একালত অজন্তা কলা মন্ডলৰ সৈতে জড়িত আছিল ।
অসমৰ এগৰাকী বিশিষ্ট শিল্পী তথা গোলাঘাট ক’ৰ্ট ৰোডৰ নিবাসী হিমেন দাসৰ আজি পৰলোক প্ৰাপ্তি ঘটে। উল্লেখ্য যে কিছুদিনৰ পূৰ্বে কমাৰবন্ধাত এখন তোৰণ নিৰ্মাণ কৰি থকা অৱস্থাত তোৰণৰ পৰা পৰি গুৰুত্বৰ ভাৱে আহত হৈছিল আৰু লগে লগে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।
চিকিৎসকে তেওঁক চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণ কৰে। পাছত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ নিয়া হয়। আজি বিয়লি ২.৩৫ বজাত বিশিষ্ট শিল্পী গৰাকীৰ মৃত্যু ঘটে।
১৯৬৫ চনত জন্মগ্ৰহণ কৰা হিমেন দাস এজন চিত্ৰ শিল্পৰ সাধক হোৱাৰ লগতে নিৰ্মাণ শিল্প আৰু সংগীত জগতৰ লগত ওত:প্ৰোত ভাৱে জড়িত আছিল। প্ৰয়াত ড: ভূপেন হাজৰিকা আৰু জয়ন্ত হাজৰিকাৰ লগতে অন্য বহু বিশিষ্ট শিল্পীৰ লগত দীৰ্ঘদিন ধৰি তবলা সংগতো কৰিছিল।তেওঁ জয়ন্ত হাজৰিকাৰ সুৰ বাহিনীৰ এজন সদস্য আছিল।
লগতে পঢ়কঃৰঙা সংৰক্ষিত বনাঞ্চলত অসমৰ বন বিভাগৰ দলক আবদ্ধ অৰুণাচলী বেদখলকাৰীৰ
তদুপৰি অসম সাহিত্য সভা আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় অধিবেশনৰ বহু কেইখন তোৰণ নিৰ্মাণ কৰি সমাদৃত হৈছিল।কৰ্ম জীৱনৰ মাজতে তেওঁ গোলাঘাটৰ সাংস্কৃতিক জগতৰ লগতো জড়িত হৈ পৰিছিল।

গোলাঘাটৰ ঐতিহ্যমণ্ডিত এমেচাৰ থিয়েটাৰ চচাইটিৰ লগত নিজক জড়িত ৰখাৰ উপৰিও প্ৰবীণ শিল্পী মঞ্চ, গোলাঘাটৰ প্ৰতিষ্ঠাপক সদস্য ।গোলাঘাট আৰ্ট গিল্ড চচাইটিৰ সভাপতি ৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল হিমেন দাসে। চিত্ৰ কলাত নিপুণ হিমেন দাসে নিৰ্মাণ কৰা তোৰণ সমগ্র গোলাঘাট জিলাতে জিলিকি আছে । বহু বোৰ কাম আধৰুৱাকৈয়ে এৰি থৈ গৈছে ।
২০১৩ বৰ্ষত তেওঁ মহাৰাষ্ট্ৰ চৰকাৰৰ দ্বাৰা সৃষ্টিশীল কৰ্মৰাজীৰ বাবে বিশেষভাৱে সম্বৰ্দ্ধিত আৰু পুৰস্কৃত হৈছিল।শিল্পী গৰাকীৰ মৃত্যুত গোলাঘাটৰ বিভিন্ন দল,সংগঠন,অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোকপ্ৰকাশ কৰে।