তেজপুৰঃ ৰাষ্ট্ৰীয় বজৰং দলৰ জিলা সভাপতি তথা তেজপুৰৰ উদীয়মান যুৱক ধ্ৰুৱজ্যোতি মহন্তৰ ৰহস্যজনক হত্যাৰ তদন্ত দাবী কৰিছে হিন্দু জাগৰণ মঞ্চই।
আজি হিন্দু জাগৰণ মঞ্চ অসম সভাপতি মৃণাল লস্কৰে শোণিতপুৰ জিলা আৰক্ষী অধীক্ষক সাক্ষাৎ কৰি এখন স্মাৰক পত্ৰ প্ৰদান কৰে।
ধ্ৰুৱজ্যোতি মহন্তৰ ৰহস্যজনক মৃত্যুৰ তদন্ত কৰি হত্যাৰ লগত জড়িত লোকক আটক কৰি উচিত শাস্তি প্ৰদানৰ দাবী কৰিছে হিন্দু জাগৰণ মঞ্চ অসমে।
লগতে পঢ়কঃমানকাচৰৰ তেলঢালা হত্যাকাণ্ডৰ আন এজন অভিযুক্ত গ্ৰেপ্তাৰ
উল্লেখ্য যে, বিষ প্ৰয়োগৰ দ্বাৰা দুৰ্বৃত্তই ধ্ৰুৱজ্যোতি মহন্তক হত্যা কৰাৰ সন্দেহ কৰিছে একাংশই।
১৮ আগষ্ট পুৱতি নিশা তেজপুৰৰ মিচন হস্পিতালত মৃত্যু ঘটিছিল ধ্ৰুৱজ্যোতি মহন্তৰ।