নিউজ ডেস্ক : চিকিৎসা বিজ্ঞানৰ ইতিহাসত প্ৰথমবাৰৰ বাবে মৃত্যুৰ সৈতে যুঁজি থকা আমেৰিকা যুক্তৰাষ্ট্ৰৰ এজন লোকে অস্ত্ৰোপচাৰৰ জৰিয়তে গাহৰিৰ হৎপিণ্ড লাভ কৰি নতুন জীৱন লাভ কৰিবলৈ সক্ষম হয়।

যোৱা শুকুৰবাৰে ৫৭ বছৰীয়া ডেভিড বেনেট নামৰ লোকজনৰ দেহত বাল্টিমোৰস্থিত ইউনিভাৰ্ছিটি অৱ মেৰিলেণ্ড স্কুল অৱ মেডিচিনৰ চাৰ্জন বাৰ্টলে গ্ৰিফিথৰ নেতৃত্বত চিকিৎসকৰ এটা দলে এই যুগান্তকাৰী অস্ত্ৰোপচাৰটো সম্পন্ন কৰে।

উল্লেখযোগ্য যে সংৰোপনৰ পূৰ্বে গাহৰিৰ হৃৎপিণ্ডটো জিনগতভাৱে পৰিৱৰ্তন কৰা হৈছিল। সোমবাৰে ইউনিভাৰ্ছিটি অৱ মেৰিলেণ্ড স্কুল অৱ মেডিচিনে এক প্ৰেছ বিজ্ঞপ্তিত এই কথা সদৰী কৰা হয়।

চিকিৎকসকলৰ মতে বেনেটৰ স্বাস্থ্য বৰ্তমান সুস্থিৰ অৱস্থাত আছে, অৱশ্যে উক্ত সংৰোপনৰ ফলত তেওঁ আৰু কিমান দিন জীয়াই থাকিব পাৰিব সেই সম্পৰ্কে চিকিৎকসকল নিশ্চিত হ’ব পৰা নাই।

ইউনিভাৰ্ছিটি অৱ মেৰিলেণ্ড স্কুল অৱ মেডিচিনৰ এখন প্ৰেচ বিজ্ঞপ্তিত প্ৰকাশ পোৱা মতে অস্ত্ৰোপচাৰটো সফলতাৰে সম্পূৰ্ণ কৰি চাৰ্জন বাৰ্টলে গ্ৰিফিথে কয় যে এই অস্ত্ৰোপচাৰে ‘অৰ্গেন নাটনিৰ সমস্যা সমাধানৰ বাটত বিশ্বক এখোজ আগুৱাই নিলে।’

মাৰ্কিন চিকিৎসকৰ এই যুগান্তকাৰী সাফল্যৰ পিছতে পুনৰ চৰ্চালৈ আহিছে অসমৰ এগৰাকী বিশেষ চিকিৎসকৰ নাম। তেওঁ আন কোনো নহয় আজিৰ পৰা ২৫ বছৰ পূৰ্বে এজন ৰোগীৰ গাহৰিৰ দেহত গাহৰিৰ হৎপিণ্ড সংৰোপন কৰাৰ বাবে জে’ললৈ যোৱা ডাঃ ধনীৰাম বৰুৱা।

১৯৯৭ চনত xenotransplantation -ৰ জৰিয়তে ডাঃ ধনীৰাম বৰুৱাই হৃদ ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ সৈতে যুঁজি থকা এগৰাকী ৩২ বছৰীয়া যুৱকৰ দেহত তেওঁৰ পৰিয়ালৰ সন্মতি লৈ গাহৰিৰ হৎপিণ্ড সংৰোপন কৰিছিল।

কিন্তু অস্ত্ৰোপচাৰৰ এসপ্তাহৰ পিছত ৰোগীজনৰ মৃত্যু ঘটাত ডাঃ বৰুৱাক ‘মানৱ অংগ সংৰোপন আইন’ ভংগ কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰি ৪০ দিনৰ বাবে কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে বিগত বৰ্ষৰ অক্টোবৰত নিউয়ৰ্কৰ এদল চিকিৎসকে এজন ব্যক্তিৰ দেহত সফলতাৰে বৃক্ক সংৰোপন কৰিবলৈ সক্ষম হৈছিল। অৱশ্যে উক্ত অস্ত্ৰোপচাৰ কৰা ৰোগীজনৰ ইতিমধ্যে ব্ৰেইন ডে’থ (brain death) ঘটিছিল আৰু তেওঁক ভেন্টিলেশ্যনত ৰখা হৈছিল।

লগতে পঢ়ক – যোৱা ২৪ ঘণ্টাত ৰাজ্যত ২০০০তকৈ অধিক লোক ক’ভিডত আক্ৰান্ত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply