পৰ্যটকৰ বাবে ঐতিহাসিক স্থান সমূহ বন্ধ কৰাৰ নিৰ্দেশ

গুৱাহাটী : পৰ্যটকৰ বাবে ঐতিহাসিক স্থান সমূহ বন্ধ কৰাৰ নিৰ্দেশ। কভিড মহামাৰীৰ সংহাৰী ৰূপ দেখি পৰ্যটকৰ বাবে ঐতিহাসিক স্থান সমূহ বন্ধ কৰাৰ নিৰ্দেশ জাৰি কৰা হৈছে। কেন্দ্ৰীয় পুৰাতত্ব বিভাগে জাৰি কৰিছে এই নিৰ্দেশনা। ঐতিহাসিক নগৰী শিৱসাগৰৰ কাৰেং ঘৰ, ৰংঘৰৰ লগতে শিৱ দৌল বন্ধ কৰাৰ নিৰ্দেশনা জাৰি কৰিছে কেন্দ্ৰীয় পুৰাতত্ব বিভাগে।

কভিড মহামাৰীৰ দ্বিতীয়টো ঢৌৱে ক্ৰমাৎ অধিক ভয়াবহ ৰূপ ধৰণৰ কৰিছে। দেশত প্ৰতিদিনে হাজাৰ হাজাৰ লোক আক্ৰান্ত হৈছে কভিডত। কভিডৰ দ্বিতীয়টো ঢৌৱে মৃত্যুৰ মুখলৈ ঠেলি দিছে বহু লোকক। ভাৰতৰ কেইবাখনো ৰাজ্যত ইতিমধ্যে কভিড মহামাৰীয়ে সংহাৰী ৰূপ দেখি লকডাউনৰ দৰে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা পৰিলক্ষিত হৈছে।

কভিডৰ দ্বিতীয়টো ঢৌৰ ভয়াবহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে পৰীক্ষা বাতিল কৰাৰ লগতে বিদ্যালয়, মহাবিদ্যালয় সমূহ বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইয়াৰ মাজতে কভিডৰ বাবে কেন্দ্ৰীয় পুৰাতত্ব বিভাগে জাৰি কৰিছে এক বিশেষ নিৰ্দেশনা। কেন্দ্ৰীয় পুৰাতত্ব বিভাগে পৰ্যটকৰ বাবে ঐতিহাসিক স্থান সমূহ বন্ধ কৰাৰ নিৰ্দেশনা জাৰি কৰিছে।

পৰ্যটকৰ বাবে ঐতিহাসিক স্থান সমূহ বন্ধ কৰাৰ নিৰ্দেশ

অসমৰ ঐতিহাসিক নগৰী শিৱসাগৰৰ ঐতিহাসিক স্থান সমূহ পৰ্যটকৰ বাবে বন্ধ কৰাৰ নিৰ্দেশনা জাৰি কৰিছে কেন্দ্ৰীয় পুৰাতত্ব বিভাগে। শিৱসাগৰৰ কাৰেং ঘৰ, ৰংঘৰৰ লগতে শিৱ দৌল বন্ধ কৰাৰ নিৰ্দেশনা জাৰি কৰা হৈছে কেন্দ্ৰীয় পুৰাতত্ব বিভাগৰ ফালৰ পৰা। অহা ১৫ মে’ পৰ্যন্ত পৰ্যটকৰ বাবে ঐতিহাসিক স্থানসমূহ বন্ধ কৰাৰ নিৰ্দেশনা জাৰি কৰিছে কেন্দ্ৰীয় পুৰাতত্ব বিভাগে।

পুৰাতত্ব বিভাগৰ সঞ্চালক এন কে পাঠকে বৃহস্পতিবাৰৰ পৰা ঐতিহাসিক স্থান সমূহ পৰ্যটকৰ বাবে ততকালীনভাৱে বন্ধ কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰিছে। এক জাননী জাৰি কৰি বৃহস্পতিবাৰৰ পৰা ততকালীনভাৱে এই নিৰ্দেশনা কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিছে পুৰাতত্ব বিভাগে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply