ৰাজপথত সুৰাপান কৰি গাড়ী চলাই ৮ জনকৈ লোকক আহত কৰা গোচৰত অভিযুক্ত ৰাজকন্যা বৰুৱা বৰ্তমান জি এন আৰ চিত চিকিৎসাধীন। কিন্তু ৰাজকন্যা আই চি ইউত চিকিৎসাধীন হৈ থাকিব লগাকৈ অসুস্থ। ৰাজকন্যাৰ মাকে কন্যাৰ অসুস্থতাৰ দোহাই দি আজি থানাত হাজিৰ হব লগা জীয়াৰীক দুসপ্তাহ সময় বিচাৰি আবেদন কৰে।
ইয়াৰ পিছতেই তদন্তকাৰী আৰক্ষীয়ে গুৱাহাটী মেডিকেলক মেডিকেল বৰ্ড গঠন কৰি ৰাজকন্যা সঁচাকৈয়েই অসুস্থ নে তদন্তৰ পৰা হাত সাৰিবলৈ ভাও ধৰি চিকিৎসাধীন হৈ আছে তাক চাবৰ বাবে জনাইছে | কোন গৰাকী চিকিৎসকে ৰাজকন্যাক অসুস্থতাৰ দোহাই দি আই চি ইউত চিকিৎসাধীন কৰি ৰাখিছে সেইবোৰো তদন্ত কৰিব।
ইতিমধ্যে, সুৰাপায়ী মডেল ৰাজকন্যা বৰুৱাৰ হাইপ্ৰফাইল হিট এণ্ড ৰান গোচৰৰ তদন্তৰ বাবে যোগানন্দ বড়োক দায়িত্ব দিছে। সহজে জামিন লাভ কৰা ৰাজকন্যাৰ ওপৰত নতুন ধাৰা ৰুজু কৰিবলৈ ন্যায়ালয়ৰ কাষ চাপিছে তদন্তকাৰী আৰক্ষী বিষয়া।

লগতে পঢ়ক-মহানগৰীৰ বৰ্ষাপাৰাত চঞ্চল্যকৰ ডকাইতিকাণ্ড
বেমাৰৰ ভাও ধৰি থানাত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়াৰ পিছতো দিছপুৰ আৰক্ষীৰ ওচৰলৈ নহা আকৌ বিশেষ প্ৰভাৱ খটোৱাই সাৰি যাব নেকি উদণ্ড ৰাজকন্যা বৰ্তমান সময়ৰ গুৰুত্বপূৰ্ণ বিষয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply