যোৰহাট – যোৰহাটত মনোনয়ন পত্ৰ দাখিল কৰিলে বিধানসভাৰ অধ্যক্ষ তথা যোৰহাট বিধানসভাৰ বৰ্তমানৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে। যোৰহাটৰ পৰা পঞ্চম বাৰৰ বাবে তথা বিজেপি দলৰ পৰা দ্বিতীয় বাৰৰ বাবে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’ব হিতেন্দ্ৰ নাথ গোস্বামীয়ে।
ৰাজ্যত এতিয়া নিৰ্বাচনৰ উৎসৱ। সকলোতে মাথোঁ নিৰ্বাচনক লৈ আলোচনা-সমালোচনা। ৰাজনৈতিক দল সমূহৰ মাজত অব্যাহত আছে প্ৰাৰ্থী কেন্দ্ৰিক সংঘাত। ইয়াৰ মাজতে প্ৰাৰ্থীত্ব লাভ কৰা প্ৰাৰ্থী সকলে আৰম্ভ কৰিছে মনোনয়ন পত্ৰ দাখিল পৰ্ব।
সোমবাৰে নিৰ্বাচনী যুঁজৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিলে বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে। যোৰহাট বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বাবে হিতেন্দ্ৰ নাথ গোস্বামীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ হিতেন্দ্ৰ নাথ গোস্বামীয়ে জিলা উপায়ুক্তৰ হাতত অৰ্পন কৰে নিজৰ মনোনয়ন পত্ৰ।
ৰাজ্য সন্মানীয় বিধানসভা সমষ্টি যোৰহাট সমষ্টিৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অহা ২৭ মাৰ্চত অনুষ্ঠিত হ’ব। এইবাৰ সমষ্টিটোত মূল যুঁজ হ’ব কংগ্ৰেছ আৰু বিজেপি দলৰ মাজত। দীঘলীয়া সমদল উলিয়াই মনোনয়ন পত্ৰ দাখিল কৰিবলৈ অহা যোৰহাটৰ বিজেপি দলৰ প্ৰাৰ্থী হিতেন্দ্ৰ নাথ গোস্বামীৰ লগত থাকে দলটোৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা।