যোৰহাট – ৰাইজে বিচাৰিলে সোণালী জয়ন্তী উদযাপন কৰাৰ মন হিতেন্দ্ৰ নাথ গোস্বামীৰ। যোৰহাটত পঞ্চম বাৰৰ বাবে তথা দ্বিতীয় বাৰৰ বাবে বিজেপিৰ পৰা প্ৰাৰ্থিত্ব পাই সাংবাদিকৰ আগত মন্তব্য প্ৰকাশ কৰিলে হিতেন্দ্ৰ নাথ গোস্বামীয়ে।
যোৰহাটত পঞ্চম বাৰৰ বাবে প্ৰাৰ্থিত্ব লাভ কৰিলে হিতেন্দ্ৰ নাথ গোস্বামীয়ে। পোন্ধৰ বছৰ অসম গণ পৰিষদৰ হৈ যোৰহাট বিধান সভা সমষ্টিৰ বিধায়ক আছিল হিতেন্দ্ৰ নাথ গোস্বামী। তাৰ পাছত বিজেপি দললৈ গমন কৰি বিজেপিৰ পৰা বিধায়ক হ’ল হিতেন্দ্ৰ নাথ গোস্বামীয়ে সন্মানীয় যোৰহাট বিধানসভা সমষ্টিৰ।
পৰিয়ালৰ অনিশ্চা স্বত্বেও ৰাজনীতি পথাৰলৈ অহা হিতেন্দ্ৰ নাথ গোস্বামীয়ে যোৰহাট সমষ্টিৰ পৰা পঞ্চম বাৰৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সুযোগ লাভ কৰি কয় যে ৰাইজে যদি ৰাজনীতিৰ পথাৰত ৰূপালী জয়ন্তী পাতিবলৈ সুবিধা দিয়ে অতিশয় আনন্দিত হম। উন্নয়ন সাধন কৰিব বাবে অৰ্থনৈতিক উন্নয়ন অতি গুৰুত্বপূৰ্ণ। যিহেতু বিগত পাঁচ বছৰত বিজেপি চৰকাৰখন অৰ্থনৈতিকভাৱে সৱল হোৱাৰ বাবে উন্নয়ন কৰিব পৰা হৈছে।
যোৰহাটৰ উন্নয়নৰ স্বাৰ্থত পুনৰ বাৰ ৰাইজৰ হকে কাম কৰাৰ পৰিকল্পনাৰে নিৰ্বাচন অৱত্তীৰ্ণ হ’ব বুলি সংবাদ মাধ্যমৰ আগত অৱগত কৰিলে হিতেন্দ্ৰ নাথ গোস্বামীয়ে। বিজেপিয়ে কিমান আসন পাব বুলি প্ৰ্শ্ন কৰাত বিজেপিয়ে সংখ্যা গৰিষ্ঠ আসন লাভ কৰি চৰকাৰ গঠন কৰিব বুলি কয় হিতেন্দ্ৰ নাথ গোস্বামীয়ে।