মৰিগাঁও: মৰিগাঁও জিলাত শেহতীয়াকৈ চলোৱা এক পৰীক্ষাত জিলাখনত ৰোগীৰ সংখ্যা ভয়ানক ৰূপত বৃদ্ধি পোৱাৰ তথ্য পোহৰলৈ আহিছে । চলিত মাহৰ যোৱা ১৬ দিনত ৩০ জনকৈ যুৱকৰ দেহত এইচ আই ভি বীজাণু ধৰা পৰা ঘটনাই মৰিগাঁও জিলাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

মৰিগাঁও জিলা এইডছ নিয়ন্ত্ৰণ বিভাগৰ অধীনত মৰিগাঁৱৰ “সোমলা মহিলা সংঘ” নামৰ এটা বেচৰকাৰী সংস্থাই মৰিগাঁও জিলা কাৰাগাৰত ২৯৩ জন লোকক এইচ আই ভি টেষ্ট কৰিছিল।এইচ আই ভি টেষ্ট কৰাৰ পিছত কাৰাগাৰত থকা ড্ৰাগছত আসক্তৰ ৭জনকৈ কয়দীৰ দেহত ধৰা পৰে এইচ আই ভি বীজাণু।

জিলা কাৰাগাৰত এইচ আই ভি বীজাণু দেহত ধৰা পৰা যুৱককেইজনৰ উৎসৰ পম খেদি মৰিগাঁও চহৰৰ লগতে জিলাখনৰ বিভিন্ন প্ৰান্তত সোমলা নামৰ এই বেচৰকাৰী সংস্থাটোৱে জিলা এইডছ্ নিয়ন্ত্ৰণ বিভাগৰ পৰা আৰম্ভ কৰা এইচ আই ভি পৰীক্ষাত চলিত ১আগষ্টৰ পৰা ১৬ তাৰিখলৈকে ১৮ৰ পৰা ৩০ বছৰ বয়সলৈ মুঠ ২৭ জন যুৱকৰ দেহত এইচ আই ভি বীজাণু ধৰা পেলাই ।

ইফালে,আগষ্ট মাহৰ তুলনাত যোৱা এপ্ৰিল মাহৰ পৰা জুলাই মাহৰ ভিতৰত এইচ আই ভি বীজাণু ধৰা পৰিছিল মাত্ৰ ৭ জন যুৱকৰ৷ কিন্তু কাৰাগাৰত থকা যুৱক কেইজনৰ তথ্যৰ ভিত্তিত জিলাখনৰ বিভিন্ন স্থানত ড্ৰাগছ্ আসক্ত যুৱকসকলক পৰীক্ষা কৰাত এইচ আই ভি বীজাণু ধৰা পৰা যুৱকৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি হৈছে। মৰিগাঁৱত এইচ আই ভি বীজাণু ধৰা পৰা ২৭জনৰে ভিতৰত ২৬জনেই ড্ৰাগছত আসক্ত বুলি প্ৰকাশ।

মাৰাত্মক ড্ৰাগছ ল’বৰ বাবে এটা চিৰিঞ্জ ব্যৱহাৰৰ বাবে এইচ আই ভি বীজাণু এজনৰ পৰা আনজনলৈ বিয়পি মৰিগাঁৱত বৃদ্ধি পাইছে এইচ আই ভি পজিটিভৰ সংখ্যা। জিলাখনত কম বয়সতে ড্ৰাগছৰ প্ৰতি আসক্ত হৈ এইসকল যুৱকে এইচ আই ভিৰ বীজাণু দেহত লৈ নিজৰ জীৱনলৈ বিপদ কঢ়িয়াই অনাত জিলাখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। শেহতীয়াকৈ মৰিগাঁও স্বাস্থ্য বিভাগে এইচ আই ভি পজিটিভ আক্ৰান্ত হোৱাসকলক বিনামূলীয়া চিকিৎসা আৰু নিৰীক্ষণৰ ব্যৱস্থা আৰম্ভ কৰিছে৷

লগতে পঢ়ক আসাম ৰাইফলছে ২০২০ চনৰ পৰা উত্তৰ-পূবত ১,৬০০ কোটি টকাৰ অবৈধ সামগ্ৰী জব্দ কৰিছে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply