গুৱাহাটী : অসমত এইচ আই ভি সংক্ৰমণৰ ভয়াবহ ছবি প্ৰকাশ পাইছে। ভয়াবহভাৱে অসমত বৃদ্ধি পাইছে এইচ আই ভি আক্রান্ত লোকৰ সংখ্যা। ড্ৰাগছৰ বাবে অসমত ভয়াবহভাৱে বৃদ্ধি পাইছে এইচ আই ভি আক্রান্তৰ সংখ্যা। উজনি অসমৰ কেইবাখনো জিলাত উদ্বেগজনকভাৱে আক্রান্তৰ সংখ্যা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে।

শেহতীয়াকৈ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক প্ৰশান্ত দিহিঙিয়াই উজনি অসমৰ কেইবাখনো জিলাত এচ আই ভি আক্রান্তৰ সংখ্যা বৃদ্ধি পোৱা বুলি প্ৰকাশ কৰিছে। অসম চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক গৰাকীয়ে জানিবলৈ দিয়ে যে যোৱা দুটা বছৰত ৩২৩ জন এইচ আই ভি আক্রান্ত লোক চিনাক্ত হৈছে।

৩২৩ জন এইচ আই ভি আক্রান্তৰ ভিতৰত ১৯২ গৰাকী পুৰুষ, ১১৭ গৰাকী মহিলা আৰু ১৩ টাকৈ শিশু আছে বুলিও জানিবলৈ দিয়ে অসম চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক প্ৰশান্ত দিহিঙিয়াই। ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ, শিৱসাগৰ, ধেমাজি আৰু লখিমপুৰ জিলাত আক্রান্ত সংখ্যা অধিক।

ইতিমধ্যে এইচ আই ভি আক্রান্ত ৩৮ গৰাকীৰ মৃত্যু হৈছে আৰু ২২৯ গৰাকীয়ে চিকিৎসা গ্ৰহণ কৰি আছে। ২০১৯-২০ চনত ১৮০ জন এইচ আই ভি চিনাক্ত হোৱা সকলৰ ভিতৰত ১০৬ গৰাকী পুৰুষ, ৬৩ গৰাকী মহিলা আৰু ১ গৰাকী তৃতীয় লিংগৰ। একেদৰে ২০১০-২১ চনত ৪৬ গৰাকী পুৰুষ, ৫৪ গৰাকী মহিলা আৰু ৩ গৰাকী শিশুসহ মুঠ ১৪৩ গৰাকী এইচ আই ভি আক্রান্ত চিনাক্ত হৈছে।

চলিত বৰ্ষৰ মাৰ্চ মাহলৈকে পোৱা তথ্য মতে ২২৯ গৰাকী ৰোগীৰ ভিতৰত ৭ গৰাকী ৰোগীয়ে এ আৰ টি ঔষধ ব্যৱহাৰ কৰা নাই আৰু ২৩ গৰাকীয়ে যোগাযোগ কৰাৰ পিছতো ঔষধ গ্ৰহণ কৰিবলৈ অহা নাই। ১৮ গৰাকী ৰোগীক অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা অন্য স্থানলৈ স্থানান্তৰ কৰা হৈছে।

ইফালে অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ তথ্য মতে অসমত বৰ্তমান এইচ আই ভি ৰোগীৰ সংখ্যা আছে ১৯ হাজাৰ ৫৪৫ গৰাকী। ইয়াৰে গুৱাহাটীত ৬৫৯৬, কাছাৰত ৪৫৬৭, ডিব্ৰুগড়ত ১২২৯, নগাঁৱত ৭৭৩, কৰিমগঞ্জত ৭২৯, যোৰহাটত ৬৪১ আৰু গোলাঘাটত ৫০৯ গৰাকী এইচ আই ভি আক্রান্ত লোক আছে।

লগতে পঢ়ক : মহিলা ড্ৰাগছ সৰবৰাহকাৰীয়ে আৰক্ষীৰ জালত পেলালে মেঘালয়ৰ মহিলাক

শেহতীয়াকৈ যোৱা আগষ্ট মাহত মৰিগাঁৱত ৩০ গৰাকী আৰু নলবাৰীত ১৫০ গৰাকীৰ দেহত এইচ আই ভি ধৰা পৰিছে। উল্লেখ্য যে এইচ আই ভিত আক্রান্ত অধিক সংখ্যা ড্ৰাগছ আসক্ত লোক। ড্ৰাগছ সেৱন কৰিবলৈ একেটা চিৰিঞ্জ ব্যৱহাৰ কৰাৰ বাবে এইচ আই ভি আক্রান্তৰ সংখ্যা ভয়াবহভাৱে বৃদ্ধি পাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply