হোজাইঃ হোজাইত ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত থকাৰ অভিযোগত আৰক্ষীৰ জালত পৰিল মণিপুৰৰ শিক্ষক। ডবকাত আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে চলোৱা এক অভিযানত ৫সৰবৰাহকাৰীৰ সৈতে শিক্ষকজনকো আটক কৰে আৰক্ষীয়ে। এই ছয় ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা আৰক্ষীয়ে এক কোটি টকাৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়।
লগতে পঢ়কঃঅবৈধ কাঠ ফলা মিলৰ পৰা জব্দ ৫ লাখ টকাৰ কাঠৰ কুণ্ডা
আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী কেইজন হোজাই লংকাৰ ৱাহিদুৰ ৰহমান, মোৰাঝাৰৰ জীয়াবুৰ ৰহমান আৰু তাজুদ্দিন, লংকা নখুঁটিৰ বাবুল হুছেইন, মণিপুৰৰ মহাবুদ্দিন আৰু বি এম ৱাৰিছক গ্ৰেপ্তাৰ কৰে আৰু মণিপুৰৰ বি এম ৱাৰিছ। বি এম ৱাৰিছ মণিপুৰৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ শিক্ষক৷ বৰ্তমান ড্ৰাগছ সৰবৰাহকাৰী কেইজনক মোৰাঝাৰত জেৰা চলাই আছে আৰক্ষীয়ে৷