হোজাইঃ অৱশেষত হোজাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে লামডিং বনাঞ্চলৰ মাটিৰ দালালি কৰা নজৰুল ইছলামক।
লামডিং সংৰক্ষিত বনাঞ্চলত ধনৰ বিনিময়ত বহু লোকক সংস্থাপিত কৰিছিল নজৰুলে।
হোজাইৰ ন-খুঁটিৰ পৰা গ্ৰেপ্তাৰ কৰে নজৰুলক। নজৰুলৰ লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে জনৈক আনোৱাৰ নামৰ আন এজনক ব্যক্তিক। লামডিং বনাঞ্চলত দুয়োৱে চলাইছিল মাটিৰ দালালি।
লগতে পঢ়কঃযোৰহাটত নটা মৌজাৰ ভাগৱত অনুষ্ঠানৰ ৰূপালী জয়ন্তীৰ প্ৰচাৰ শুভাৰম্ভ
বনাঞ্চলখনৰ পৰা উচ্ছেদিত লোকসকলে লৈছিল নজৰুলৰ নাম। আনহাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো নজৰুলে বনাঞ্চলত ধনৰ বিনিময়ত বহু লোকক সংস্থাপিত কৰাৰ কথা উল্লেখ কৰিছিল।
বনাঞ্চলখনৰ ৫০০ হেক্টৰ ভূমিত হালধিৰ খেতি কৰাৰ বাবে নজৰুলে সংস্থাপিত কৰিছিল বহুকেইটা পৰিয়ালক।
লামডিং বনাঞ্চলৰ মাটিৰ দালালি কৰা নজৰুল ইছলামক হোজাইৰ নখুঁটিৰ পৰা অৱশেষত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।