হোজাই : হোজাইত সংঘটিত হৈছে এক চাঞ্চল্যকৰ চুৰিকাণ্ড। নিশাৰ ভাগত চোৰৰ দলৰ এটা এটিএম কাটি লুটি নিয়ে ধন। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। পুৱাৰ ভাগত স্থানীয় ৰাইজে এটিএম মেচিন কাটি থোৱা অৱস্থাত প্ৰত্যক্ষ কৰে। তদন্তৰ বাবে ঘটনাস্থলীত আৰক্ষী উপস্থিত।
হোজাইৰ ঠাকুৰবাড়ী পথত থকা ভাৰতীয় ষ্টেট বেংকৰ এটা এটিএমত নিশাৰ ভাগত সংঘটিত হয় এক চুৰিকাণ্ড। চোৰৰ দলে ভাৰতীয় ষ্টেট বেংকৰ এটিএমত প্ৰৱেশ কৰি গেছ কটাৰেৰে এটিএম কাটি সমগ্ৰ ধন লুটি নিয়ে। পুৱাৰ ভাগত একাংশ স্থানীয় ৰাইজে এটিএমটোত চুৰিকাণ্ড সংঘটিত হোৱা দেখি আৰক্ষীক খবৰ দিয়ে। খবৰ পাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে।
লগতে পঢ়ক : প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিক সন্দৰ্ভত বিশেষ সভা
ইফালে ভাৰতীয় ষ্টেট বেংকৰ কৰ্মচাৰীও উপস্থিত হৈছে ঘটনাস্থলীত। এটিএমটোত কিমান টকা আছিল এক সম্পৰ্কে জানিব পৰা হোৱা নাই যদিও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। হোজাইৰ ব্যস্ত ঠাকুৰবাড়ী পথত এটিএমৰ ধন লুটি নিয়া ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।