হোজাইঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে হোজাই চহৰতো বিশ্বকৰ্মাৰ বন্দনাৰে মুখৰিত হৈ পৰিছে ৷

ক’ভিডসৃষ্ট পৰিবেশৰ মাজতে আহিল বিশ্বকৰ্মা উৎসৱৰ বতৰ। বিশ্ব খনিকৰ বিশ্বকৰ্মা বাবে পুৱাৰ পৰাই বিভিন্ন চৰকাৰী বেচৰকাৰী, গাড়ীৰ শ্ব’ৰূম আদি কৰি সকলোতে বিশ্বকৰ্মা পূজা মণ্ডপ সমূহত ভক্তৰ ভিৰ।

সিদ্ধিদাতাৰ আশীৰ্বাদ গ্ৰহণ কৰিবলৈ ভক্তসকলে ধূপ-প্ৰদীপ জ্বলাই প্ৰভুৰ চৰণত নৈবেদ্য আগবঢ়ায়।

হোজাই PHC ৰ অভিযন্তা অমল ভাগৱতীযে সুন্দৰ ভাৱে পূজা ভাগ পালন কৰা লগতে বনবিভাগৰ কাৰ্য্যালয়ত ৰাজখোৱায়ে সুন্দৰ ভাৱে পূজা ভাগ পালন কৰে।

লগতে পঢ়কঃকোভিড পৰিস্থিতি ৫ শতাংশৰ তলত থাকিলে অনুষ্ঠিত হ’ব হৰ্ণবিল উৎসৱ

ৰাতিপুৱাৰে পৰা হোজাইবাসী ৰাইজে নাম প্ৰসংগৰে হোজাই চহৰৰ বিভিন্ন ঠাইত উদযাপন কৰা পৰিলক্ষিত হৈছে মহাপ্ৰভু বিশ্বকৰ্মা পূজা ৷

হোজাইৰ সকলো মন্দিৰতো ভক্ত প্ৰাণ ৰাইজ সকল ওলাই আহি ভগবান বিশ্বকৰ্মা বন্দনাৰ নাম গাই বন্তি প্ৰজ্জলন, ধৰ্মধ্বজা উত্তোলন আৰু ভক্ত প্ৰাণ ৰাইজে ভগৱান বিশ্বকৰ্মাৰ নাম-কীৰ্তন কৰে।

প্ৰতিকুল বতৰকো নেওচি ভগৱান বিশ্বকৰ্মাৰ ওচৰত পূজা অৰ্চনা আগবঢ়াই আশীষ ল’বলৈ ভক্তৰ সমগম ঘটিছে বিশ্বকৰ্মা পূজাৰ মণ্ডপত। ঢাক , উৰুলি, শংখধ্বনি, ঘণ্টাৰ শব্দই গুঞ্জৰিত হৈছে সমগ্ৰ মন্দিৰ সমূহ ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply