হোজাইঃ বিধায়ক পুঁজিৰ দ্বাৰা নিৰ্মাণ হ’বলগীয়া প্ৰেক্ষাগৃহৰ ধনআত্মসাৎৰ এটাৰ পিছত এটা দুৰ্নীতি ক্ৰমান্বয়ে পোহৰলৈ আহি আছে।

পশ্চিম জাৰুণী এম. ই মাদ্রাছা আৰু আনোৱাৰুল উলুম চিবপুৰ মাদ্ৰাছাৰ পিছত এইবাৰ পোহৰলৈ আহিছে মোৰাজাৰ কলেজৰ প্ৰেক্ষাগৃহ নিৰ্মাণৰ নামত হোৱা ব্যাপক অনিয়ম।

মোহাম্মদ আলী আৰু ফুৰকান আলীৰ বিৰুদ্ধে ভয়ঙ্কৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।

হোজাই জিলাৰ ৯০ নং যমুনামুখ সমষ্টিৰ প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম আজমলৰ কাৰ্যকালত বিধায়ক পুঁজিৰ পৰা ২০১৫-২০১৬ বিত্তীয় বৰ্ষত ১০ লাখ টকা ব্যয় সাপেক্ষে এটা প্ৰেক্ষাগৃহ নিৰ্মাণ হৈছিল।

লগতে পঢ়কঃদীর্ঘদিন ধৰি সন্ত্ৰাস চলাই থকা প্ৰকাণ্ড নাহৰফুটুকী বাঘ জালত

স্থানীয় ৰাইজৰ অভিযোগ মতে বিধায়ক আব্দুৰ ৰহিম, মোহাম্মদ আলী আৰু বিধায়ক পুঁজিৰ কামৰ দ্বায়িত্বত থকা চৰকাৰী শিক্ষক ফোৰকান আলীয়ে মিলি বিধায়ক পুঁজিৰ ১০ লাখ টকা ব্যয় সাপেক্ষে যি প্ৰেক্ষাগৃহ নিৰ্মাণ কৰিছে সেই প্ৰেক্ষাগৃহ নিৰ্মাণৰ কামত যথেষ্ট দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে।

প্ৰেক্ষাগৃহ নিৰ্মাণৰ কামত নিম্নমানৰ সামগ্রী ব্যৱহাৰ কৰাৰ ফলত যিকোনো সময়ত ভয়ঙ্কৰ দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে। ইফালে প্ৰেক্ষাগৃহ নিৰ্মাণৰ কাম সম্পূৰ্ণ নহওতেই গৃহৰ ৱালত ডাঙৰ ডাঙৰ ফাট মেলাও পৰিলক্ষিত হৈছে।

এতিয়া প্ৰশ্ন হয় যে চৰকাৰে কোটি কোটি টকা ৰাইজৰ উন্নয়নৰ কাৰণে আৱন্টন দিয়ে এই টকা ক’ত কেনেকৈ ব্যৱহাৰ হৈছে দ্বায়িত্বত থকা বিভাগীয় বিষয়া সকলে নজৰ ৰাখিছে নে?

এই প্ৰেক্ষাগৃহৰ কামত হোৱা দুৰ্নীতিৰ সমগ্ৰ ঘটনা সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্তনৰ বাবে স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply