হোজাইঃ ৰাজ্য়ত বিভিন্ন প্ৰান্তত বন্যহস্তীৰ উপদ্ৰৱ। কৰোনাৰ বিভীষিকাৰ মাজতে হোজাইত বন্য়হস্তীৰ গচকত প্ৰাণ গ’ল এজনৰ।
নিহত লোকজন চাওতাল বস্তিৰ সুশীল মল্লিক।
ব্যক্তিজনৰ মৃত্যুত শোক প্ৰকাশ কৰে অঞ্চলবাসীয়ে।
দীৰ্ঘদিন ধৰি ২০/২২জনীয়া এটা হাতীৰ জাকে অঞ্চলটোৰ বিভিন্ন প্ৰান্তত প্ৰায়ে উপদ্ৰৱ চলাই আহিছে।
আৰু পঢ়কঃএন আৰ চি পুনৰীক্ষণ প্রসংগত সমন্বয়কৰ বিৰুদ্ধে ক্ষমতাৰ অপব্যৱহাৰৰ অভিযােগ
বনবিভাগক খবৰ দিয়াৰ পিছতো আজিলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ।
বনবিভাগৰ অমনোযোগিতাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি ক্ষোভ উজাৰিলে স্থানীয় ৰাইজে।