হোজাইঃ কপিলী নৈত সন্ধানহীন দুই কিশোৰৰ মৃতদেহ উদ্ধাৰ ।
হোজাইত উদ্ধাৰ হোৱা মৃতদেহ দুটা সঞ্জয় চৌহান আৰু ধনঞ্জয় চৌহানৰ বুলি চিনাক্ত।
স্থানীয় ৰাইজৰ অভিযান চলাই উদ্ধাৰ কৰে মৃতদেহ দুটা ।
শুকুৰবাৰে নৈত গা ধুবলৈ গৈছিল তিনি বন্ধু ক্ৰমে বিজয় চৌহান, সঞ্জয় চৌহান আৰু ধনঞ্জয় চৌহানে।
গা ধুই থকাৰ সময়তে নৈৰ সোঁতে উটুৱাই লৈ যায় তিনিওকে ।
স্থানীয় ৰাইজৰ সহযোগত বিজয় চৌহানক জীৱন্তে উদ্ধাৰ কৰা হয় যদিও সন্ধানহীন হৈ আছিল বাকী দুজন কিশোৰ।
আজি স্থানীয় ৰাইজে উদ্ধাৰ কৰে মৃতদেহ দুটা।
তিনিওৰে ঘৰ কাৰ্বি আংলংৰ খেৰণিত।