হোজাইঃ আজি হোজাই দেশবন্ধু বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত একাদশ শ্ৰেণীৰ কলা শাখাৰ উদ্বোধনী কাৰ্যসূচী অনুষ্ঠিত হয় । অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে ৰাজ্যৰ সকলো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যিকোনো শাখাৰ আৰম্ভণি কৰিব পাৰে সেই নিৰ্দেশ মৰ্মে হোজাই দেশবন্ধু বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত একাদশ শ্ৰেণীৰ কলা শাখাৰ শুভাৰম্ভনি কৰা হয়।
এতিয়ালৈকে বিদ্যালয়খনত ১০৮ জন ছাত্ৰ ছাত্ৰীয়ে কলা শাখাত নাম ভৰ্তি কৰে বুলি জানিব দিয়ে বিদ্যালয় কৰ্তৃপক্ষই ।
লগতে পঢ়কঃ২০ মাহৰ মূৰত ৰাজ্যত আজিৰে পৰা আৰম্ভ হৈছে শ্ৰেণীকোঠাৰ পাঠদান
উক্ত উদ্বোধনী কাৰ্যসূচীত উপস্থিত থাকে দেশবন্ধু বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান আশ্চৰ্য নিতাই চন্দ্ৰ দাস, সদৌ অসম SC মৰ্চাৰ সম্পাদক অৰ্জুন মজুমদাৰ , বিছো বিশ্বাস, সুধিৰ চন্দ্ৰ দাস আৰু প্ৰণৱ পুৰকায়স্থ academy in charge সুদিৰৰঞ্জন দাস উৰূপে পল্টন দাস । অনুষ্ঠানত অন্তৰি মালাকাৰ আৰু মিতালি দাসে সংগীত প্ৰদৰ্শন ও কৰে ।