হোজাইঃ ৰাজ্য়ৰ বিভিন্ন প্ৰান্তত দিনক দিনে বৃদ্ধি পাই আহিছে হাতী-মানুহৰ সংঘাত। হোজাইৰ চাওতাল বস্তিত বন্যহস্তীৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাবলৈ নিজৰ নিজৰ খেতিৰ ধান, ফল-মূলেৰে পূজা দিলে চাওতাল বস্তিৰ স্থানীয় ৰাইজে।
বৰ্তমান বন্যহস্তীৰ আগমন নিত্য নৈমিত্তিক ঘটনা হৈ পৰিছে হোজাইত। হোজাইৰ দাঁতি কাষৰীয়া অঞ্চল ৰাইকতা, যাঠিহোৰা, ঠেপলাগুৰি, নভঙা, হাতীমৰা অঞ্চলত নিতৌ আগমন ঘটে বন্যহস্তীৰ। সন্ধিয়া হোৱাৰ লগে লগে বনাঞ্চলৰ পৰা ওলাই আহে বন্যহস্তীৰ জাক। এই ক্ষেত্ৰত বনবিভাগে আজিলৈকে একো পদক্ষেপ গ্ৰহণ কৰা নাই।
কিন্তু বৰ্তমান দিন দুপৰতে বন্যহস্তীয়ে তাণ্ডৱ চলাব লৈছে অঞ্চলটোত। সন্ধিয়া নৌহওঁতেই খাদ্যৰ সন্ধানত উপস্থিত হয় বন্যহস্তীৰ জাক। স্থানীয় লোকেও হাতী খেদি হাবাথুৰি খাবলগীয়া হৈছে।
সেয়ে হোজাই চাওতাল বস্তিৰ লোক সকলে খাদ্য, ফল-মূল দি পূজা অৰ্চনা কৰি বিপদৰ পৰা ৰক্ষা পৰিবলৈ নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা জনাইছে।
যোৱা সাত-আঠ বছৰৰ পৰা অঞ্চলটোৰ ৰাইজে এইদৰে পূজা অৰ্চনা কৰি আহিছে।