হোজাইঃ খাদ্যৰ সন্ধানত অৰণ্যৰ পৰা জণাৰণ্যলৈ নামি অহা বন্যহস্তীৰে তীব্ৰ সংঘাত ভৈয়ামৰ বাসিন্দাৰ৷
হোজাই জিলাৰ যমুনা চিটত দিনক দিনে বৃদ্ধি পাইছে বন্যহস্তীৰ মুক্ত বিচৰণ ৷
মঙলবাৰে আবেলি যমুনা চিট অঞ্চলত বৃহৎ এটি হাতীৰ জাকে খেতি পথাৰত প্ৰৱেশ কৰি তহিলং কৰে।
হাতীৰ জাক খেদিবলৈ হাতে হাতে শিল,ইটা আদি লৈ ওলাই আহে গঞা।
লগতে পঢ়কঃউপ-নিৰ্বাচনৰ বাবে টিকট বিচাৰি ভিৰ দলৰ কাৰ্যালয়ত
বহু সময়ৰ চেষ্টাৰ ফলত হাতীৰ জাকটোক খেদি পঠাবলৈ সক্ষম হয়। যমুনাচিট অঞ্চলত দিনে-নিশাই হাতীৰ মুক্ত বিচৰণক লৈ তীব্ৰ আতংকত ভুগিছে স্থানীয় লোক৷
বন্যহস্তীৰ জাকক নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বন বিভাগক ব্যৱস্থা ল’বৰ বাবে দাবী জনাইছে যমুনাচিটবাসী ৰাইজে।