হোজাই- হোজাইত সংঘটিত হৈছে মৰ্মান্তিক ঘটনা। বুটমাহত বিষক্ৰিয়া হৈ মৃত্যুমুখত পৰে একেটা পৰিয়ালৰে দুটাকৈ শিশু। আনহাতে গুৰুতৰভাৱে অসুস্থ শিশুকেইটাৰ পিতৃ।
এক মাংগলিক অনুষ্ঠানত বুট-মাহ খাই অসুস্থ হৈছিল শিশুকেইটা। অৱশেষত মৃত্যুমুখত পৰে এঘাৰ বছৰীয়া অৰ্ণৱ কৰ আৰু চাৰিবছৰীয়া অভিক কৰ।
গুৰুতৰভাৱে অসুস্থ পিতৃক সংকটজনক অৱস্থাত গুৱাহাটীৰ এখন হস্পিতালত ভৰ্তি কৰোৱা হৈছে।
হোজাইৰ লংকাৰ ১নং ৱাৰ্ডৰ লংকাপট্টীত সংঘটিত হয় এই শোকাৱহ ঘটনা।