হোজাইঃ হোজাইত কাঠফুলাৰ দৰে গঢ় লৈ উঠিছে একাংশ অবৈধ পানী পেকেজিং কৰা কোম্পানী। নীতি বৰ্হিভূত ভাবে বৈধ নথি পত্ৰ নোহোৱাকৈ একাংশ বিষয়াৰ সৈতে মিতিৰালি পাতি চলাই আছে এই অবৈধ ৰমৰমীয়া বেহা।
অবৈধ ব্যৱসায়ী সকলৰ বিৰুদ্ধে বিভিন্ন সময়ত সৰৱ হোৱা দেখা যায় একাংশ লোকক। নিজৰ ব্যৱসায়িক স্বাৰ্থৰ বাবে একাংশ অবৈধ ব্যৱসায়ীয়ে ওপৰ মহলৰ লগত গোপন মিতিৰালি কৰি ব্যৱসায় চলাই থকাৰ অভিযোগ তুলি প্ৰতিবাদ কৰাও দেখা গৈছিল।
স্বাস্থ্যৰ দিশত মন কাণ নিদি ব্যৱসায় চলাই যোৱা এক প্ৰতিষ্ঠান কৃষ্ণ এণ্টাৰপ্ৰাইজ। হোজাই বিদ্যানগৰস্থিত এই প্ৰতিষ্ঠানটোত ডিষ্টিল ৱাটাৰৰ নামত চলাই আছে খোৱাপানীৰ যোগান।
লগতে পঢ়কঃতেজপুৰ হৰিজন পট্টীত প্ৰচণ্ড মাৰপিটৰ ঘটনা
কিন্তু প্ৰশ্ন হয় কেনেদৰে ব্যৱসায়ীজনে ডিষ্টিল ৱাটাৰৰ লগত চলাব পাৰিলে পানী যোগানৰ ব্যৱসায়। কৃষ্ণ এণ্টাৰপ্ৰাইজৰ দৰে আন বহু অবৈধ ব্যৱসায়ীয়ে চলাই আছে পানী যোগানৰ ব্যৱসায়।
এই বিভাগৰ চৰকাৰী বিষয়াক মেনেজ নকৰাকৈ চলাব পাৰিবনে এনে অবৈধ ব্যৱসায়? খেলিব পাৰিবনে সাধাৰণ মানুহৰ জীৱনক লৈ হেতালি খেলিবলৈ এয়া এক কোটিটকীয়া প্ৰশ্ন হয় পৰিছে সচেতন মহলত। এই সন্দৰ্ভত প্ৰশাসন তথা চৰকাৰে কিমানদূৰ পদক্ষেপ গ্ৰহণ কৰিব সেয়া সময়তহে লক্ষণীয় হ’ব।