লামডিং বনাঞ্চল

ডিফু: গৰুখুটিৰ উচ্চেদৰ পাছত এইবাৰ লামডিং বনাঞ্চলৰ অবৈধ বেদখলকাৰীক উচ্চেদৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ।আৰু ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে কাইলৈৰ পৰা দুদিনীয়াকৈ চলিব উচ্ছেদ অভিযান।


এই উচ্চেদক লৈ ইতিমধ্যে হোজাই জিলা প্ৰশাসনে সম্পূৰ্ণ যোজা চলাইছে যদিও প্ৰশাসনৰ নিৰ্দেশৰ প্ৰতি সঁহাৰি জনাই ইতিমধ্যে লামডিং বনাঞ্চলত অবৈধ্যভাবে বসবাস কৰি থকা প্ৰায় ৯০% লোক বনাঞ্চল এৰি হোজাইৰ নখুটি জাংজু বজাৰৰ ঘাইপথৰ কাষত শিৱিৰ পাতি অৱস্থান কৰিছে ।

যদিও উচ্ছেদৰ সময়ত কোনোধৰণৰ অপ্ৰতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে জিলা প্ৰশাসন সম্পূৰ্ণ সাজু হৈ পৰিছে । লগতে প্ৰশাসনৰ নিৰ্দেশনা মানি লোকসকলে নিজে বনাঞ্চল এৰি অহাৰ বাবে ধন্যবাদ জনাইছে।
আৰু ইতিমধ্যে হোজাই জিলা উপায়ুক্ত, হোজাই জিলা আৰক্ষী অধীক্ষকৰ লগতে যথেষ্ট পৰিমাণৰ আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ লোকে উচ্ছেদ স্থলীত অৱস্থান কৰিছে।

লগতে পঢ়ক- সোণাৰিত যাত্ৰীবাহী বাছ আৰু ডাম্পাৰৰ মুখামুখি সংঘৰ্ষ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply