হোজাই: ধৰ্মীয় অসিষ্ণুতাই গ্ৰাস কৰি তোলাৰ সময়তে হোজাইৰ যমুনামুখত এটা পৰিয়ালে দেখুৱাইছে এক বিৰল সম্প্ৰীতিৰ নিদৰ্শন ৷
এটি ইছলাম ধৰ্মালম্বী পৰিয়ালৰ লোকে এজন নিৰুদিষ্ট হিন্দু সম্প্ৰদায়ৰ লোকক বিগত সাত বছৰ নিজৰ ঘৰতে পোহপাল দি কালি পৰিয়ালৰ লোকক চমজাই দিয়ে ৷
আজিৰ পৰা সাত বছৰমান পূৰ্বে এক বিশেষ পৰিস্থিতিত এই বৃদ্ধ লোকজন আহি উপস্থিত হৈছিলহি হোজাই জিলাৰ যমুনামুখৰ ভেৰভেৰি গাৱৰ খলিলুৰ ৰহমান নামৰ লোকজনৰ ঘৰত ৷ মানসিক ভাবে ভাগি পৰা লোকজনে আনকি নিজৰ ঘৰৰ ঠিকনাওঁ পাহৰি পেলাইছিল ৷ সেইদিনাৰ পৰাই খলিলুৰ ৰহমান লোকজনে বৃদ্ধ লোকজনক নিজৰ পিতৃ দৰে জ্ঞান কৰি পোহপাল দি গৈছিল ৷
এই বৃদ্ধ লোকজনক সেই গাৱতে গাওঁৰক্ষী বাহিনীৰ এখন সভা অনুষ্টিত হৈছিল ৷ সেই সভাতেই খলিলুৰে সকলোকে বৃদ্ধ লোকজনৰ বিষয়ে সকলো কথা তাত উপস্থিত থকা সকলোকে অৱগত কৰাইছিল ৷ পাছত তাৰে দুজনমানে তেওঁৰ এখন ফটো তুলি সামাজিক মাধ্যমযোগে প্ৰচাৰ চলাইছিল ৷
পাছত বৃদ্ধ জনৰ পৰিয়ালৰ লোকে ফটো খন পাই চিনি পাওঁ পোহপাল দি থকা পৰিয়ালটোৰ লগত যোগাযোগ কৰে ৷ দুয়োটা পৰিয়ালৰ যোগাযোগ মৰ্মে কালি যমুনামুখ আৰক্ষীৰ সহযোগত খলিলুৰ ৰহমানৰ পৰিয়ালৰ পৰা মানিয়া ডেকা নামৰলোকজনক চমজি লয় তেওঁৰ পৰিয়ালৰ লোকে ৷
ইফালে বৃদ্ধ লোকজনক যেতিয়া নিজ পৰিয়ালক চমজাই দিয়ে তেতিয়া আবেগিক হৈ পৰে সাতবছৰে পোহপাল দিয়া খলিলুৰ পৰিয়াল ৷ কান্দোনত ভাগি পৰে খলিলুৰ পৰিয়ালৰ সকলো সদস্য ৷ এক আবেগিক মূহুৰ্তত উপস্থিত ৰাইজৰ সন্মুখত পোহলাল দিয়া খলিলুৰৰ পৰিয়ালে বৃদ্ধ জনক নিজ পৰিয়ালৰ হাতত চমজাই দিয়ে ৷
লগতে পঢ়ক- গৌতম গম্ভীৰক হত্যাৰ ভাবুকি সন্ত্ৰাসবাদী সংগঠন ISIS -ৰ