হোজাইঃ হোজাইৰ ১ নং কাকীৰ ৬৫ বছৰীয়া এগৰাকী বৃদ্ধ সন্ধানহীন । হফলুজান গাঁৱৰ সভাপতি চৌহান নামৰ বৃদ্ধ গৰাকী বিহাৰলৈ গৈ ঘৰলৈ ঘূৰি নহাত শংকিত পৰিয়ালবৰ্গ ৷

প্ৰাপ্ত বাতৰি অনুসৰি, দীপক বৰা নামৰ গাঁৱৰে এগৰাকী শিক্ষকে বিহাৰৰ পাটনালৈ ভৰিৰ চিকিৎসাৰ বাবে যাবলৈ সভাপতি চৌহানক সহায়ৰ বাবে যাবলৈ লগ ধৰে ৷ কিন্তু চৌহান যাবলৈ অমান্তি হোৱাত বিভিন্ন প্ৰৰোচনাৰ অন্তত ১৮ আগষ্ট তাৰিখে সভাপতি চৌহান, দীপক বৰা আৰু তেওঁৰ ভায়েক দিলীপ বৰা তিনিও পাটনালৈ বুলি ৰাওনা হয় ৷

লগতে পঢ়কঃশিশুৰ মৃত্যুক কেন্দ্ৰ কৰি জুৰীয়াত উত্তপ্ত পৰিস্থিতি

কিন্তু, পাটনালৈ গৈ আজিলৈকে ঘূৰি নাহিল বৃদ্ধ গৰাকী। শিক্ষক দীপক বৰাৰ চিকিৎসা চলি থকাৰ বাবে পাটনাতে থাকে। বৃদ্ধ গৰাকীৰ পৰিয়ালৰ লোকে ফোনযোগে শিক্ষকগৰাকীৰ লগত যোগাযোগ কৰাত তেওঁ ট্ৰেইনত বৃদ্ধগৰাকীক উঠাই দিয়া বুলি অৱগত কৰে।

কিন্তু সভাপতি চৌহানৰ কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে পৰিয়ালৰলোকে ৷

অৱশেষত বৃদ্ধগৰাকীৰ পৰিয়ালে কাকী আৰক্ষী থানাত দীপক বৰা আৰু দিলীপ বৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply