হোজাইঃ অত্যাধিক বোজা কঢ়িওৱা ট্ৰাকৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে হোজাই পৰিবহণ বিভাগে৷

জিলাখনৰ সদৰ শ্ৰীমন্ত শঙ্কৰদেৱ নগৰত অনুস্থিত এক সংবাদমেলত এম ভি আই এম ৰহমানে পৰিবহন বিভাগে লোৱা বিভিন্ন পদক্ষেপ সদৰি কৰি কয় যে যি সমূহ ট্ৰাকে পৰিবহন আইন নস্যাৎ কৰি অত্যাধিক বোজা কঢ়িয়াইছে তেনে ট্ৰাকক জৰিমনা হিচাপে চলিত বৰ্ষৰ এপ্ৰিলৰ পৰা ছেপ্তেম্বৰ মাহৰ পহিলা সপ্তাহলৈ ৩৩ লাখ সংগ্ৰহ কৰিছে ৷

লগতে পঢ়কঃজামুগুৰিহাটৰ পানপুৰৰ পুৰণি ভেটিত টিজ উৎসৱ পালন

আনহাতে দ্ৰুতগতিত চলোৱা যানবাহনৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰা হৈছিল যদিও ৰাজ্য চৰকাৰে দুমাহৰ বাবে তেনে বাহন চালকক সৰ্তক কৰি দিয়াৰ নিৰ্দেশ জিলা পৰিবহণ বিভাগে কাৰ্য্যকৰী কৰিছে ৷

আনহাতে জিলা পৰিবহন বিভাগে দ্ৰুতগতিত বাহন চলালে হ’ব পৰা বিপদ সম্পৰ্কে সজাগতা সভা অনুষ্ঠিত কৰা হৈছে বুলি জানিব দিয়ে এম ভি আই গৰাকীয়ে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply