হোজাইঃ পুনৰ হোজাইত মেট্ৰিক অনুত্তীৰ্ণ ছাত্ৰ ছাত্ৰীৰ উত্তাল প্ৰতিবাদ ৷ প্ৰায় দুই ঘণ্টা ধৰি হোজাইৰ শংকৰদেৱ নগৰ ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে তিনি শতাধিক ছাত্ৰ ছাত্ৰীয়ে।
ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ ফলত আবদ্ধ হৈ পৰে বহু কেইখন সৰু-বৰ গাড়ী।
লগতে পঢ়কঃউদ্ধাৰ হোৱা মৃতদেহটো চিকিৎসক বিক্ৰমজিৎ বৰুৱাৰৰ বুলি নিশ্চিত
হোজাই জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুত্তীৰ্ণ কেইবা শতাধিক ছাত্ৰ ছাত্ৰীয়ে, ছেবা হায় হায়, অসম চৰকাৰ হায় হয়, আমাক উত্তীৰ্ণ কৰাই দিয়ক, আমাৰ দাবী মানিব লাগিব আদি বিভিন্ন শ্লগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।
প্ৰতিবাদৰ মাজতে প্ৰতিবাদস্থলীতে ঢলি পৰিল ছাত্ৰী।
হোজাই ,লংকা, লামডিং অঞ্চলৰ কেবাখনো বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে এই প্ৰতিবাদত অংশ লৈ চৰকাৰ – প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে ৷