হোজাইৰ সাহপট্টিত স্থানীয় লোকৰ মূৰৰ কামোৰণি হৈ পৰিছে শ্ৰী মাৰুতি ইণ্ডাষ্ট্ৰী। ৰতন কয়েল মালিকানাধীন এই ধানৰ মিলটোয়ে টোপনি কাঢ়িছে স্থানীয় ৰাইজৰ। জনবসতিধীন এলেকাত দিনে ৰাতিয়ে মিলটো চলি থকাত অস্বস্তিত পৰিছে স্থানীয় ৰাইজ।
শব্দ প্ৰদূষণ আৰু ধোঁৱা ধূলিৰ পৰা পৰিত্ৰাণ নোপোৱা হৈছে স্থানীয় বাসিন্দা।জনবসতিধীন এলেকাত কেনেদৰে এক ব্যৱসায়িক ইণ্ডাষ্ট্ৰী খোলাৰ অনুমতি পালে ইয়াক লৈ প্ৰশ্ন উত্থাপন হৈছে সচেতন মহলত।
উল্লেখ্য উক্ত ঠাইডোখৰত বহু বয়সীয়াল লোক থকাৰ উপৰিও বহু হৃদৰোগীৰ লোক আছে অঞ্চলটোত।বৰ্তমান এই ৰোগীসকলৰ বাবে মৃত্যুদূত স্বৰূপ হৈ পৰিছে উক্ত মিলটো।
লগতে পঢ়ক- ইম্ফল বিমাণবন্দৰত মলদ্বাৰৰ ভিতৰত ৪২ লাখ টকা সোণসহ এজনক আটক
এই সন্দৰ্ভত স্থানীয় ৰাইজ কাষ চাপিছিল হোজাই জিলা উপায়ুক্তৰ ওচৰত কিন্তু বৰ্তমানেও কোনো ফলাফল লাভ নকৰাত নিৰাপত্তাহীনতাত ভুগিছে স্থানীয় ৰাইজ ফলত সংবাদমাধ্যমৰ কাষ চাপিব লগা হৈছে স্থানীয় ৰাইজ।
সংবাদ মাধ্যমৰ যোগেদি জিলা প্ৰশাসনক অতি শীঘ্ৰে তদন্ত কৰি বিহীত ব্যৱস্থা লোৱাৰ দাবী জনালে স্থানীয় ৰাইজে।