হোজাইঃ হোজাই জিলাৰ ডবকাত মহিলা সন্ধানহীন। জানিব পৰা মতে, এটি সাতবছৰীয়া কন্যা সন্তানৰ মাতৃ ভাৰতী দেৱনাথৰ বাপ্পী দাস নামৰ পুৰুষজনৰ সৈতে প্ৰেমপাশত আৱদ্ধ হয়। বাপ্পী দাস তিনি সন্তানৰ পিতৃ।

বাপ্পী দাস পেছাত এজন টেন্টৰ স্বত্বাধিকাৰী । বিবাহ,উৎসৱ,পাৰ্বন আদিত পেণ্ডেল ভাড়াত দিয়ে। তেওঁ যোৰহাটৰ বাসিন্দা যদিও যোৰহাটৰ পৰা অজ্ঞাত কাৰণ বশত ডবকালৈ আহি ডবকাৰ কুৰকুট বস্তি নামৰ গাঁৱত থকা শহুৰেকৰ ঘৰত থাকি নিজৰ ব্যৱসায় চলাই গৈছে।

ইয়াৰ মাজতে ডবকা হাৰ গাঁৱত পেণ্ডেলৰ কামত গৈ চিনাকি হয় টিংকু দেৱনাথৰ পত্নী তথা এটি কন্যা সন্তানৰ মাতৃ ভাৰতী দেৱনাথৰ লগত।

লগতে পঢ়কঃডকাইতিকাণ্ডত ব্যৱহাৰ হোৱা গাড়ীৰ স্বত্বাধিকাৰীক আটক

দুয়োৰে মাজত আৰম্ভ হয় প্ৰেমৰ সম্পর্ক। দীৰ্ঘদিন দুয়োৰে মাজত চলিল গোপন প্ৰেম। অৱশেষত বাপ্পী দাসে ভাৰতীক পলুৱাই লৈ যায়।

বাপ্পী দাস

স্থানীয় ৰাইজে লগ হৈ বাপ্পী দাস আৰু ভাৰতী দেৱনাথক ডবকা আৰক্ষীক চমজাই দিয়ে।

অৱশেষত ভাৰতী দেৱনাথৰ স্বামী টিংকুৱে কণমানি কন্যা সন্তানটিৰ মুখৰ ফালে চাই ডবকা থানাৰ পৰা পত্নীক ঘৰলৈ লৈ যায়। কিন্তু ঘৰলৈ লৈ যোৱাৰ ৫ দিন পিছত নিজৰ সকলো নথি-পত্ৰ লৈ পত্নী ভাৰতী দেৱ নাথ ঘৰৰ পৰা পলাই যায়।

ইফালে ভাৰতীক বিচাৰ-খোচাৰ কৰি বিচাৰি নাপাই স্বামী টিংকু দেৱনাথে ডবকা থানাত এখন এজাহাৰ দিয়ে।

ভাৰতীৰ পিতৃয়ে অভিযোগ কৰা মতে ভাৰতীক বিভিন্ন ভয় আৰু প্ৰলোভন দি বাপ্পী দাসে এই ঘটনা সংঘটিত কৰিছে বুলি সংবাদ মাধ্যমক জানিব দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply