হোজাই: ডবকাৰ ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথটো চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথলৈ সম্প্ৰসাৰিত কৰাৰ বাবে আগবাঢোতে প্ৰকৃতি ধ্বংস কৰিবলৈ আগবাঢ়িছে চৰকাৰ প্ৰশাসন । ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নামত কেইবা শ জোপা শাল গছ কাটিবৰ বাবে সাজু হৈছে ।
বন্যহস্তীৰ বাসস্থান জীৱকুলৰ বাসভূমি ধ্বংস কৰিব খোজা কাৰ্যৰ বিৰুদ্ধে হোজাইৰ বিভিন্ন দল সংগঠনে যোৱা ৬ দিন ধৰি আন্দোলন অব্যাহত ৰাখিছে । ১২ কিলোমিটাৰ এলেকা ডবকা সংৰক্ষিত বনাঞ্চলৰ মাজেৰে যোৱা ৰাষ্টাটো বহলাবৰ বাবে কাষতে বহু ঠাই থকাৰ কথা প্ৰতিবাদী দল সংগঠন সমূহে কৈ আহিছে যদিও চৰকাৰে বিষয়বোৰক লৈ কোনো গুৰুত্ব নিদিয়াৰ বাবেই ৰাইজৰ লগতে দল সংগঠন সমূহৰ প্ৰতিবাদ অব্যাহত আছে ।
চৰকাৰৰ শালবাগান কটাৰ সিদ্ধান্তক লৈ আজিও উতপ্ত হৈ আছে অঞ্চলটো । ডবকা বনাঞ্চলত আছুৱে মানৱ শৃংখল কাৰ্যসূচীৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷
ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ নামত ডবকা সংৰক্ষিত বনাঞ্চলৰ হাজাৰ হাজাৰ জোপা গছ কটাৰ সিদ্ধান্তৰ বিৰোধীতাৰে আজিও ডবকা বনাঞ্চলত সদৌ হোজাই জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ যোৱা কিছুদিনৰ পৰা উত্তাল হৈ আছে ডবকাৰ শালবাগান অঞ্চল ৷
ডবকা বনাঞ্চলৰ মাজেৰৰে প্ৰস্তাৱিত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মানৰ কাৰণে বন বিভাগে প্ৰায় হাজাৰ হাজাৰ অধিক মূল্যবান গছ কটাৰ যো জা চলাই থকাৰ সময়ত যোৱা এক সপ্তাহৰ পৰা ডবকা বনাঞ্চলত বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ অব্যাহত আছে ৷ স্থানীয় আছুৰ নেতৃত্বই হোজাইৰ বনাঞ্চলিক বিষয়াৰ জৰিয়তে স্মাৰকপত্ৰ প্ৰেৰণ কৰে ।
লগতে পঢ়ক- বৃদ্ধ দম্পতীৰ হত্যাকাণ্ডৰ ৰহস্য এতিয়াও ফাদিল হোৱা নাই