বিজেপি সভাপতি অনুপ দে

ডবকা: হোজাই জিলা বিজেপিৰ সভাপতিৰ এজাহাৰ নিউজ পৰ্টেলৰ বিৰুদ্ধে ।
হোজাই বিজেপিক বদনাম কৰাৰ উদ্দেশ্যে ভূৱা বাতৰি প্ৰকাশ কৰাৰ অভিযোগ ।

‘ৰাইজৰ পদূলী’ নামৰ পৰ্টেলৰ বিৰুদ্ধে এই অভিযোগ তুলি এজাহাৰ দাখিল কৰিলে হোজাই জিলা বিজেপিৰ সভাপতি অনুপ দে ই ।
জিলা বিজেপিৰ শতাধিক কাৰ্যকৰ্তাক লগত লৈ হোজাই আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত এজাহাৰ দাখিল বিজেপি সভাপতি গৰাকীয়ে ।

এজাহাৰ দাখিল কৰি বিজেপিৰ জিলা সভাপতি গৰাকীয়ে কয়, তেওৰ বিৰুদ্ধে উঠা অনিয়ম প্ৰমান হলে ৰাজনৈতিক জীৱন ত্যাগ কৰিব।

ছ’চিয়েল মিডিয়া যোগে এটা ভুৱা মেছেজ প্ৰচাৰ কৰি জনসাধাৰণক বিভ্ৰান্ত কৰিব বিচৰা কাৰ্যৰ বিৰুদ্ধে তেও এই গোচৰ তৰিছে।

এই মেছেজটোৰ সম্পৰ্কে স্পট কৰি দিয়াৰ পিছতো নিউজ পৰ্টেলটোৱে ইয়াক লৈ বাতৰি প্ৰচাৰ কৰি থকাৰ বাবেই আইনৰ সহায় লোৱা বুলি বিজেপিৰ সভাপতি গৰাকীয়ে মন্তব্য কৰে।

লগতে পঢ়ক- কাউঞ্চিলাৰৰ বিৰুদ্ধে দুটা সন্তানৰ মাতৃক অপহৰনৰ অভিযোগ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply