গুৱাহাটী : ফাঁচী বজাৰত ফ্রেণ্ডছ ক্লাৱৰ উদ্যাগত হোলী মহোৎসৱ। দেশৰ অন্যান্য প্ৰান্তৰ লগতে মহানগৰী গুৱাহাটীৰ ফাঁচী বজাৰত হোলীৰ ব্যাপক আয়োজন। বিগত দুবছৰ পিছত ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে ৰাইজৰ মাজত নাছিল হোলীৰ উৎসাহ।
ক’ভিডসৃষ্ট পৰিৱেশ উন্নত হোৱাৰ পিছত পুনৰ ৰাইজৰ মাজত দেখিবলৈ পোৱা গ’ল ৰঙৰ উৎসৱ হোলীকলৈ ব্যাপক আয়োজন। বিগত দুবছৰ ধৰি ৰাইজ হোলী উদযাপনৰ পৰা আঁতৰি থাকৰ পিছত এইবাৰ পুনৰ হাতত ৰঙলৈ ৰাজপথলৈ ওলাই আহিছে ৰাইজ হোলী খেলিবলৈ।

মহানগৰী গুৱাহাটীৰ ফাঁচী বজাৰত ৰাইজৰ মাজত হোলীকলৈ পৰিলক্ষিত হ’ল ব্যাপক হৰ্ষ-উল্লাস। ইজনে সিজনক অবিৰ সানি হোলীৰ শুভেচ্ছা জ্ঞাপন কৰে। ৰঙৰ উৎসৱ হোলী উপলক্ষে মহানগৰীৰ ৰাজপথ সমূহত দেখা যায় এক ৰঙীন আৰু আনন্দময়ী পৰিৱেশ।
মহানগৰী গুৱাহাটীৰ ফাঁচী বজাৰত ফ্রেণ্ডছ ক্লাবে আয়োজন কৰা হোলী মহোৎসৱত ফাঁচী বজাৰবাসী গীতৰ তালে তালে নাচি, বতাহত ফাকুৱা উৰুৱাই হোলীৰ আনন্দত মতলীয়া হৈ পৰে। ফাঁচী বজাৰৰ আকাশ বতাহ হোলীৰ ৰঙেৰে ৰঙীন হৈ পৰে।