আজি ৰঙৰ উৎসৱ ফাকুৱা

নিউজ ডেস্ক: আজি ৰঙৰ উত্‍সৱ ফাকুৱা । ৰাজ্যৰ ভিন্ন প্ৰান্তত তিনিদিনীয়াকৈ ৰঙৰ উৎসৱ আয়োজন কৰিছে । ফাকুৱাৰ ৰঙেৰে ভৰিছে মহানগৰীৰ বজাৰ । নিৰ্বাচনী প্ৰচাৰ, ব্যস্ততাৰ মাজতে আয়োজন ৰঙৰ উত্‍সৱ ।
মাজুলীৰ ঐতিহ্যপূৰ্ণ গড়মূৰ সত্ৰতো আৰম্ভ হৈছে ফাকুৱা উৎসৱ। সত্ৰ প্ৰাংগণত মেষ দাহ পৰ্বৰ আয়োজন কৰে গড়মূৰ সত্ৰৰ ভকত-বান্ধৱ, আই-মাতৃয়ে। মাংগলিক ধ্বনি আৰু আয়তীৰ উৰুলিৰে মুখৰিত গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা। পৰম্পৰাগত ৰীতি নীতিৰে শনিবাৰৰে পৰা বটদ্ৰৱাত আৰম্ভ হ’ল দৌল মহোৎসৱৰ গন্ধ উৎসৱ। মহাপুৰুষ গুৰুজনাৰ সৃষ্টিৰ পৰম্পৰা অক্ষুণ্ণ ৰাখি উদযাপন কৰা হয় গন্ধোৎসৱ।
আবিৰৰ ৰঙেৰে ৰঙীন হৈ পৰিছে ঐতিহ্যমণ্ডিত দৌল গোৱিন্দ মন্দিৰ। শণিবাৰৰ পৰা সত্ৰনগৰী বৰপেটাত আৰম্ভ শ্ৰীশ্ৰীকৃষ্ণৰ দৌল উৎসৱ। হোলী গীতেৰে মুখৰিত বৰপেটা সত্ৰৰ চৌদিশ। হোলী গীত গাই উৎফুল্লিত বৰপেটাবাসী। দৌল উৎসৱক লৈ উখল-মাখল সত্ৰনগৰীৰ পৰিৱেশ ।
নিৰ্বাচনী বতৰৰ মাজতে আহিছে ৰঙৰ উৎসৱ ফাকুৱা। হোলী গীতেৰে মুখৰ হৈছে সত্ৰ নগৰীৰ আকাশ বতাহ। আবিৰৰ ৰঙেৰে ৰঙীণ হৈছে চৌপাশ। মঙলদৈত ঘৰে ঘৰে ৰঙৰ উৎসৱ ফাকুৱা খেলি নিৰ্বাচনী প্ৰচাৰ চলাইছে বিজেপি প্ৰাৰ্থী গুৰুজ্যোতি দাসে।
নিৰ্বাচনী প্ৰচাৰৰ মাজতে হোলীৰ আনন্দ দিছপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী অতুল বৰাৰ। হোলী গীতৰ তালে তালে নাচি পুনৰবাৰ বিজয় হোৱাৰ দাবী বিধায়কগৰাকীৰ।আনহাতে দৌল উৎসৱৰ সাংস্কৃতিক সন্ধিয়াৰ মঞ্চত শিল্পীৰ সৈতে হোলী গীত পৰিবেশন কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply