হোলী গীতৰ মূৰ্ছনাৰে মুখৰিত হৈ পৰিছে লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰ।
তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উত্তৰ অসমৰ অন্যতম বৈষ্ণৱপীঠ বাসুদেৱ থান নৰোৱা সত্ৰত অনুষ্ঠিত হৈছে শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ।
প্ৰতিষ্ঠা কালৰে পৰা উদযাপিত হৈ অহা শ্ৰী শ্ৰী কৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱ উপলক্ষে লোকে লোকাৰণ্য হৈ পৰে নৰুৱা সত্ৰৰ প্ৰাঙ্গন।
ৰং-বিৰঙী আবিৰ সানি হোলী গীত আৰু কৃষ্ণ বন্দনাৰে মুখৰিত হৈছে সত্ৰৰ আকাশ-বতাহ।
নৰুৱা সত্ৰৰ বৰ্ণিল দৃশ্য উপভোগ কৰিবলৈ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ ভক্ত-দর্শনাৰ্থীৰ সমাগম ঘটিছে।
ঢকুৱাখনাৰ শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰত দৌল মহোৎসৱ
ভক্তৰ সমাগমৰে মুখৰিত হৈ পৰিল সত্ৰৰ বাকৰি
