নিউজ ডেস্কঃ কভিডমুক্ত হ’ল অসমৰ বিশিষ্ট সাহিত্যিক, সাংবাদিক তথা চিন্তাবিদ হোমেন বৰগোহাঞি।
কৰোনাত আক্ৰান্ত হোৱাৰ পিছত হোমেন বৰগোহাঞি জি এম চি এইচত চিকিৎসাধীন হৈ আছিল।
২৪এপ্ৰিলত কভিড পৰীক্ষাৰ ফলাফলত তেওঁৰ পজিটিভ ৰিপ’ৰ্ট আহে।
স্বাস্থ্যৰ সামান্য অৱনতি ঘটাত তেওঁক জি এম চি এইচত ভৰ্তি কৰোৱা হৈছিল।
কাইলৈ তেওঁ ‘জিএমচিএইচ’ৰ পৰা বাসগৃহলৈ উভতিব।