মাজুলী – ভোট বর্জনত হুংকাৰ গৃহৰক্ষী জোৱানৰ পৰিয়ালৰ। বিধানসভা নিৰ্বাচনত ভোট বর্জনৰ হুংকাৰ দিছে ৩০০ গৃহৰক্ষী জোৱানৰ পৰিয়ালে। মাজুলীৰ ৩০০ গৃহৰক্ষী জোৱানৰ পৰিয়ালে প্ৰতিবাদ সাব্যস্ত কৰি ভোট বর্জনৰ হুংকাৰ দিছে।
ৰাজ্যত বলিছে নিৰ্বাচনী গৰম বতাহ। নিৰ্বাচনকলৈ প্ৰতিটো ৰাজনৈতিক দল ব্যস্ত প্ৰচাৰ অভিযানত। দিছপুৰ দখল কৰাৰ উদ্দেশ্যে প্ৰতিটো ৰাজনৈতিক দলৰ নেতাৰ মুখত প্ৰতিশ্ৰুতি বন্যা। ৰাইজক সমস্যা সমাধানৰ আশ্বাস প্ৰদান কৰি দিছপুৰ দখলৰ ৰণ নীতিত ব্যস্ত ৰাজনৈতিক দল সমূহৰ নেতা সকল।
ইয়াৰ মাজতে সমস্যা সমাধান নোহোৱাৰ বাবে ভোট বর্জনৰ হুংকাৰ দিছে গৃহৰক্ষী জোৱানৰ পৰিয়ালে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সমষ্টি মাজুলীৰ ৩০০ গৃহৰক্ষী জোৱানৰ পৰিয়ালে এইবাৰ ভোট বর্জনৰ হুংকাৰ দিছে। সোমবাৰে মাজুলী জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰি ভোট বর্জনৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে গৃহৰক্ষী জোৱানৰ পৰিয়ালে।
দীৰ্ঘদিন ধৰি সামান্য মজুৰিৰে সেৱা আগবঢ়াই অহা প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী জোৱান সকলে প্ৰতিবাদ সাব্যস্ত কৰি তেওঁলোকৰ চাকৰি নিয়মীয়াকাৰণ আৰু মজুৰি বৃদ্ধিৰ দাবী জনায়। বর্তমানৰ চৰকাৰখনে গৃহৰক্ষী জোৱান সকলৰ দাবী পূৰণ নকৰিলে গৃহৰক্ষী জোৱান সকলে পৰিয়ালে ভোট বৰ্জন কৰাৰ হুংকাৰ দিয়ে।