মানকাচৰ – মানকাচৰৰ হাটশিঙিমাৰীত সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাৰ অসহযোগ আন্দোলন। চাকৰি নিয়মীয়া নকৰিলে বিধানসভাৰ নিৰ্বাচন বৰ্জনৰ হুংকাৰ। মুঠ তিনিটা দাবী লৈ গৃহৰক্ষী জোৱানসকলে দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰিলে অসহযোগ আন্দোলন।
দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত সোমবাৰে পুৱা ৬ বজাৰ পৰা সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাৰ আহ্বানত দক্ষিণ শালমাৰা-মানকাচৰ জিলা প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাই দুদিনীয়া কাৰ্যসূচীৰে অসহযোগ আন্দোলন কাৰ্যসূচী ৰূপায়ন কৰিছে। প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাই পুৱা ৬ বজাৰ পৰা ৩ মাৰ্চৰ পুৱা ৬ বজালৈ দূদিনীয়া কাৰ্যসূচীৰে অসহযোগ আন্দোলন কাৰ্যসূচী আৰম্ভ কৰিছে।
প্ৰথম দিনা গৃহৰক্ষী জোৱানসকলে হাটশিঙিমাৰী প্ৰেক্ষাগৃহৰ সম্মুখত অৱস্থান কৰি এই অসহযোগ আন্দোলন ৰূপায়ন কৰে। গৃহৰক্ষী জোৱানসকলে মুঠ তিনিটা দাবী উত্থাপন কৰি এই আন্দোলনৰ কাৰ্যসূচী হাতত লৈছে। দাবী কেইটা হৈছে অসম গৃহৰক্ষী জোৱান সকলৰ চাকৰি নিয়মীয়াকৰণ কৰা, মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে সমান কামৰ সমান দৰমহা আদায় দিয়া আৰু গৃহৰক্ষী জোৱান সকলৰ মকৰলৰ ক্ষেত্ৰত অনলাইন ডেপ্লয়মেণ্ট চিষ্টেম অতি সোনকালে বন্ধ কৰা।
গৃহৰক্ষী জোৱানসকলৰ দাবী সমূহ পূৰণ নকৰিলে আগন্তক বিধানসভাৰ নিৰ্বাচনত গৃহৰক্ষী জোৱানসকলে কোনো ধৰণৰ কৰ্তব্য পালন নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গৃহৰক্ষী জোৱানসকলে লগতে আগন্তক বিধানসভা নিৰ্বাচন বৰ্জন কৰিব বুলিও হুংকাৰ দিয়ে।