গোসাইগাঁও : গোসাইগাঁৱত চাঞ্চল্যকৰ ঘটনা। গোসাইগাঁৱত এগৰাকী মহিলাক অশ্লীল ইংগিত দি এজন গৃহৰক্ষী জোৱানে গুলী চালনা কৰাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য। গুলী চালনা কৰা গৃহৰক্ষী জোৱানজনক আটক। কঠোৰ শাস্তিৰ দাবীত বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ।

গোসাইগাঁও মহকুমাৰ সত্যপুৰত সোমবাৰে দিনৰ ভাগত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়। ৰাইজৰ সুৰক্ষাৰ বাবে নিয়োজিত এজন গৃহৰক্ষী জোৱানে এগৰাকী মহিলাক অশ্লীল ইংগিত দিয়ে। ভুক্তভোগী মহিলা গৰাকীৰ স্বামীয়ে এই গৃহৰক্ষী জোৱানজনৰ বিৰূদ্ধে প্ৰতিবাদ কৰাত গৃহৰক্ষী জোৱানজনে নিজৰ চাৰ্ভিজ কাৰ্বাইনেৰে মহিলা গৰাকীৰ লগতে মহিলা গৰাকীৰ স্বামীক লক্ষ্য কৰি ছয় জাই গুলী চালনা কৰে।

ইয়াৰ পিছতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ গৃহৰক্ষী জোৱানজনৰ সতীৰ্থ সকলে গৃহৰক্ষী জোৱানজনক বাধা প্ৰদান কৰাত ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ পৰা ৰক্ষা পৰে৷ পৰৱৰ্তী সময়ত ঘটনাৰ খবৰ পাই গোসাইগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অমৰজ্যোতি বাইলুং ঘটনাস্থলীত উপস্থিত হৈ অভিযুক্ত গৃহৰক্ষী জোৱান সমল মুছাহাৰীক গোসাইগাঁও থানাত লৈ আহে৷

লগতে পঢ়ক –  একেখন থানাৰে অ’চিয়ে গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰিলে কনিষ্টবলক

ইফালে ঘটনাক কেন্দ্ৰ কৰি চেপা উত্তেজনা বিৰাজ কৰিছে গোসাইগাঁৱত। বিভিন্ন দল-সংগঠনে এই ঘটনাক গৰিহণা দিয়াৰ লগতে অভিযুক্ত গৃহৰক্ষী জোৱানজনৰ কঠোৰ শাস্তিৰ দাবী জনাইছে। ঘটনাক সদৌ চাওতাল ছাত্ৰ সন্থা চমুকৈ এছুৱে তীব্ৰ গৰিহণা দিয়াৰ লগতে সত্যপুৰস্থিত গৃহৰক্ষী জোৱানৰ বেৰেকৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্থ কৰি দোষীৰ কঠোৰ শাস্তিৰ দাবী জনাইছে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply