গুৱাহাটীঃ ৰাজ্যৰ গৃহৰক্ষী জোৱান সকলৰ বহু দশকৰ এটা সমস্যা আছিল মাহিলী বেতন। ৰাজ্যত কৰ্মৰক ২৪ সহস্ৰাধিক গৃহৰক্ষী জোৱানসকলৰ দীৰ্ঘদিনীয়া সমস্যাৰ অন্ত পেলাই অৱশেষত উচ্চ ন্যায়ালয়ে দিলে এক নতুন নিৰ্দেশনা। গৃহৰক্ষী জোৱানসকলৰ মাহিলী দৰমহা ৯০০০ ৰপৰা বঢ়াই ২৩,০২৩  টকালৈ বৃদ্ধি কৰিবলৈ উচ্চ ন্যায়ালয়ে অসম চৰকাৰক এক গুৰুত্বপূৰ্ণ নিৰ্দেশ প্ৰদান কৰে। 

সমগ্ৰ বিষয়টোক লৈ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মাইকেল যথানখুমাৰ এজনীয়া বিচাৰপীঠে এই বুলিও নিৰ্দেশনাত স্পষ্ট কৰি দিয়ে যে গৃহৰক্ষীসকলক বৰ্ধিত হাৰত দৰমহা প্ৰদানৰ প্ৰক্ৰিয়া তিনি মাহৰ ভিতৰত চৰকাৰে সম্পূৰ্ণ কৰিব লাগিব। অসম চৰকাৰৰ দৰেই গৃহৰক্ষী জোৱান সকলে দিনে নিশাই কৰ্তব্য পালন কৰি আহিছে। আকাশলংঘী মূল্যবৃদ্ধিৰ সময়তো গৃহৰক্ষী জোৱানসকলে ৯০০০টকা মাহিলী দৰমহাত কৰ্তব্য পালন কৰি আহিছে।

ইয়াৰ বাবে কেইবাগৰাকীয়ো জোৱানে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্ত হৈ ডব্লিউ পি (চি) ৪২৬৭/২০২০ নম্বৰৰ এখন লেখ আবেদন দাখিল কৰিছিল। গৃহ ৰক্ষক,হোম গাৰ্ডছ ৱেলফাৰ এছ’চিয়েচন বনাম হিমাচল প্ৰদেশ শীৰ্ষক গোচৰটোৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে কৰ্তব্য ভাত্তা বৃদ্ধি কৰিবলৈ ২০১৫ চনৰ ১১ মাৰ্চতে গৃহৰক্ষীৰ জোৱান সকলৰ কৰ্তব্য ভাত্তা বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিছিল। এই নিৰ্দেশ ইতিমধ্যে ভাৰতবৰ্ষৰ ২৩খন ৰাজ্যই প্ৰযোজ্য কৰিছিল। কিন্তু অসম চৰকাৰে আজিলৈকে  উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা মানি গৃহৰক্ষীৰ কৰ্তব্য ভাত্তা প্ৰদান কৰা নাই বুলি গুচৰীয়া গৃহৰক্ষী জোৱানসকলে উচ্চ ন্যায়ালয়ৰ দৃষ্টি গোচৰ কৰে। অৱশেষত উচ্চ ন্যায়ালয়ে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি গৃহৰক্ষী জোৱানসকলৰ মাহিলী দৰমহা ২৩,০২৩ টকা প্ৰদান কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply