লখিমপুৰ:অসমত কৰ্মৰত প্ৰায় ২৬ হাজাৰ গৃহৰক্ষী জোৱানৰ ৫০ শতাংশ চাকৰি কৰ্তন কৰিবলৈ ৰাজ্য চৰকাৰে লোৱা সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদত নামিছে গৃহৰক্ষী জোৱানসকল। চৰকাৰৰ শ্ৰম আইন মতে এজন ব্যক্তিৰ দৈনিক মজুৰি ৩৫৯ টকা নিধাৰণ কৰাৰ পিছতো তেওলোকৰ মাহে দৰমহা মাত্ৰ ৯৩০০ টকা। দৈনিক ১৩ ঘন্টাকে কামত লগোৱাৰ পিছত তেওলোকে আজি পাপ্যৰ বাবে আন্দোলনত নামিব লগা হৈছে।
গৃহৰক্ষী সন্থাৰ এই আন্দোলনলৈ দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমে সমৰ্থন আগবঢ়াইছে।
লখিমপুৰত চৰকাৰক তীব্র সমালোচনা কৰি সভাপতি ধৰ্মকান্ত গগৈয়ে কয়, এফালে লাখে লাখে নিযুক্তিৰ কথা কোৱা চৰকাৰ খনে ১৩ হেজাৰ গৃহৰক্ষী জোৱানক চাকৰিৰ পৰা আতৰাই নিবনুৱা কৰিব খুজিছে।
শ্ৰম আইন মতে পাব লগীয়া নুন্যতম মজুৰিৰ পৰা বঞ্চিত কৰি শোষণ বঞ্চনা কৰা হৈছে গৃহৰক্ষী জোৱান সকলক।
গৃহৰক্ষী সকলৰ দাবী মানি লবলৈ চৰকাৰক আহ্বান দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ।
অন্যথা গৃহৰক্ষী ৰ আন্দোলন ৰ সমৰ্থন ত ৰাইজ ৰাজপথলৈ ওলাই অহাৰ সকিয়নী সংগঠন টোৰ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply